নাগালেণ্ডৰ কিফিৰ জিলাত প্ৰবল শিলাবৃষ্টি, ছলামী গাঁৱৰ বহু ঘৰৰ টিনপাত নষ্ট

নাগালেণ্ডৰ কিফিৰ জিলাত প্ৰবল শিলাবৃষ্টি, ছলামী গাঁৱৰ বহু ঘৰৰ টিনপাত নষ্ট

author-image
asomiyapratidin
New Update
নাগালেণ্ডৰ কিফিৰ জিলাত প্ৰবল শিলাবৃষ্টি, ছলামী গাঁৱৰ বহু ঘৰৰ টিনপাত নষ্ট

ডিজিটেল সংবাদ, ৱাখাঃ মঙলবাৰে বিয়লি ৩ বজাত অহা এজাক প্ৰৱল শিলাবৃষ্টিয়ে নাগালেণ্ডৰ কিফিৰ জিলাৰ পুংগ্ৰ মহকুমা আৰু ইয়াৰ পাৰ্শ্বৱতী ছলামী গাঁৱৰ শতাধিক পৰিয়ালৰ টিনপাত নষ্ট কৰি বিধ্বস্ত কৰে। জানিব পৰা মতে প্ৰায় এঘণ্টা ধৰি দিয়া দুই ইঞ্চি আকাৰৰ এই শিলবৰষুণে পুংগ্ৰ অঞ্চলৰ শাক – পাচলি আৰু ফলমূলৰ বাগিছা নষ্ট কৰে।

ইফালে এই প্ৰবল বৃষ্টিপাতে ৰাজধানী ক'হিমাবাসী যথেষ্ট সকাহ প্ৰদান কৰে কিয়নো বিগত ছমাহ ধৰি অনাবৃষ্টিৰ বাবে পাহাৰীয়া চহৰখনত ব্যাপক পানী সংকটে দেখা দিছিল। ক'হিমা নগৰ নিগমে চহৰখনৰ পানী সংকট জোৰা মাৰিবলৈ চৰকাৰে প্ৰায় ত্ৰিশ কিলোমিটাৰ দূৰৈৰ পৰা কুৰিখনতকৈ অধিক টেংকাৰে পানী যোগান ধৰিছিল।