ৰাজ্যসভাত নাগালেণ্ডৰ একমাত্ৰ আসনখনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত বিজেপিৰ প্ৰাৰ্থী…

ৰাজ্যসভাত নাগালেণ্ডৰ একমাত্ৰ আসনখনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত বিজেপিৰ প্ৰাৰ্থী…

author-image
asomiyapratidin
New Update
ৰাজ্যসভাত নাগালেণ্ডৰ একমাত্ৰ আসনখনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত বিজেপিৰ প্ৰাৰ্থী…

ডিজিটেল সংবাদ ৱাখাঃ নাগালেণ্ডৰ ৰাজ্যসভাৰ একমাত্ৰ আসনখনৰ বাবে বিজেপিৰ প্ৰাৰ্থী এছ ফাংনন কন্যাক সোমবাৰে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে । সোমবাৰে ৰাজ্যসভাৰ আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী এছ ফাঙনন কন্যাকে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত নাগালেণ্ডৰ এন ডি পি পি আৰু এন পি এফ কোনো এটা ৰাজনৈতিক দলে ৰাজ্যসভাৰ আসনৰ বাবে প্ৰাৰ্থীত্বৰ আগনবঢ়োৱাত তেওঁ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় ।

Advertisment

উল্লেখযোগ্য যে ১৯৭৭চনত লোকসভালৈ এম থাইছাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত নাগালেণ্ডৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী এছ ফাংনন কন্যাক ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা দ্বিতীয় গৰাকী মহিলা । বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বতই নাগালেণ্ডৰ ৰাজ্যসভাৰ আসনখনৰ বাবে এইবাৰ এছ ফাংনন কন্যাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল ।

এছ ফাংনানক সমৰ্থন কৰাৰ সন্দৰ্ভত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে কয় যে, যিহেতু ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে এন ডি পি পি দলৰ প্ৰাৰ্থী গৰাকীক সমৰ্থন আগবঢ়োৱা বাবে এইবাৰ ৰাজ্যসভাৰ আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী এছ ফাংনন কন্যাক সমৰ্থন কৰে । স্মতৰ্ব্য যে অহা ৩১ মাৰ্চত নাগালেণ্ডৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ নিৰ্বাচন হোৱাৰ কথা আছিল ।