/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/NAGALAND-PROTEST-AGAINST-CAA.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ বিজেপি চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া বিৰোধী 'কা'ৰ বিৰোধিতাৰে নাগালেণ্ডৰ প্ৰধান বিৰোধী দল নগা পিপ'লছ ফ্ৰণ্টে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মঙলবাৰে পুৱা এন পি এফৰ আহ্বানত নাগালেণ্ডৰ প্ৰতিখন জিলাৰ সদৰত হাজাৰ হাজাৰ নগা জনসাধাৰণে 'কা'ৰ বিৰোধিতাৰে প্ৰতিবাদত বহে। ডিমাপুৰত 'কা'ৰ বিৰোধিতাৰে আহ্বান কৰা এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি নগা পিপলছ ফ্ৰণ্টৰ সভাপতি ডঃ ছুৰজেলি লিজিৎছুৱে প্ৰতিবাদী ৰাইজক উদ্দেশি কয়, 'উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ নগাসকলে 'কা'ৰ কুফলৰ সুদূৰ প্ৰসাৰী প্ৰভাৱৰ সম্পৰ্কে বুজি পোৱা নাই। 'কা' প্ৰকৃততে ধৰ্মৰ ভিত্তিত মেৰুকৰণৰ বাবে অনা হৈছে। এয়া বিজেপিৰ এক দেশ এক জাতিৰ এজেণ্ডা। ভাৰত পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/NAGALND-PROTEST.jpg)
লগতে তেওঁ কয়, 'বিচিত্ৰতাৰ মাজত একতা ভাৰতৰ চৰিত্ৰ কিন্তু সেই মহানতা চৰিত্ৰক ধবংস কৰিব খোজা হৈছে। 'কা'-ই ভৱিষ্যতে নাগালেণ্ডৰ জনগাঁথনি সলনি কৰিব কাৰণ নাগালেণ্ডৰ বৰ্তমানৰ জনসংখ্যা ১৯ লাখৰো অধিক নহয়।' ডাঃ লিজিৎছুৱে লগতে কয় যে, 'এন পি এফে কা কেতিয়াও মানি নলয়। কাৰণ 'কা'-ই ভাৰতীয় সংবিধানক হত্যা কৰি ভৱিষ্যতৰ প্ৰজন্মৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব।' তেওঁ নাগালেণ্ডৰ সকলো ৰাইজক 'কা'ৰ বিৰুদ্ধে ওলাই আহিবলৈ আহঅবান জনায়। উল্লেখযোগ্য যে, নগা পিপলছ ফ্ৰণ্টৰ প্ৰতিবাদত আটাইকেইখন জিলা সদৰতে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে হাতত বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।