ফেচবুকত নগা জাতিক অপমান কৰা পশুকৰ্মী হেমা চৌধুৰীক মুম্বাইত গ্ৰেপ্তাৰ নগালেণ্ড আৰক্ষীৰ…

ফেচবুকত নগা জাতিক অপমান কৰা পশুকৰ্মী হেমা চৌধুৰীক মুম্বাইত গ্ৰেপ্তাৰ নগালেণ্ড আৰক্ষীৰ…

author-image
asomiyapratidin
New Update
ফেচবুকত নগা জাতিক অপমান কৰা পশুকৰ্মী হেমা চৌধুৰীক মুম্বাইত গ্ৰেপ্তাৰ নগালেণ্ড আৰক্ষীৰ…

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ৱাখাঃ উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষকৈ নগা জাতিক চূড়ান্ত অপমানজনক মন্তব্য কৰা মহাৰাষ্ট্ৰ তথাকথিত পশুকৰ্মী হেমা চৌধুৰীক শুকুৰবাৰে সন্ধিয়া নগা আৰক্ষীয়ে অভিযান চলাই মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য যে কুকুৰ ভক্ষণ কৰাৰ বাবে ফেচবুকত নগাসকলক চূড়ান্ত অপমানিত কৰা আৰু নগা জাতিৰ লোকক পালে এটা এটাকৈ গলা কাটিম ,আৰু চিংকি বুলি বৈষম্যমূলক মন্তব্য কৰিছিল তথাকথিত পশুকৰ্মী মহাৰাষ্ট্ৰৰ হেমা চৌধুৰীয়ে ।

লগে লগে তেওঁৰ বিৰুদ্ধে নাগালেণ্ডৰ ছাইবাৰ ক্ৰাইম থানাত ৰুজু কৰা হৈছিল কেইবাটাও গোচৰ । হেমা চৌধুৰীৰ বিৰুদ্ধে ১৫৩(ক)১৫৩(খ ) আৰু ৫০৫ জামিন ধাৰাত গোচৰ ৰুজু পিছত শুকুৰবাৰে পশ্চিম মুম্বাইৰ আশীৱাৰা তেওঁৰ বাসভৱনৰ নগা পুলিচে নিজৰ দক্ষতাৰ পৰিচয় দি এক গোপন অভিযান চলাই গ্ৰেপ্তাৰ কৰে । নগা আৰক্ষীয়ে ইতিমধ্যে হেমা চৌধুৰীক ডিমাপুৰলৈ জেৰা বাবে আনি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।