হত্যাকাৰীক কৰায়ত্ত কৰাত ব্যৰ্থ, নেইফিউ ৰিঅ’ৰ চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ জনতাই জ্বলালে উপায়ুক্তৰ বাহন…

হত্যাকাৰীক কৰায়ত্ত কৰাত ব্যৰ্থ, নেইফিউ ৰিঅ’ৰ চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ জনতাই জ্বলালে উপায়ুক্তৰ বাহন…

author-image
asomiyapratidin
New Update
হত্যাকাৰীক কৰায়ত্ত কৰাত ব্যৰ্থ, নেইফিউ ৰিঅ’ৰ চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ জনতাই জ্বলালে উপায়ুক্তৰ বাহন…

ডিজিটেল সংবাদ, ৱাখাঃ ২২ মাৰ্চত নাগালেণ্ডৰ পেৰেন জিলাত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডত জৰিত দোষীক নেইফিউ ৰিঅ'ৱে চৰকাৰে গ্ৰেপ্তা কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ প্ৰতিবাদত ইউনাইটেড জেলিয়াঙৰংগ য়ুথ ফেডাৰেচন আহ্বান জনোৱা অনিৰ্দিষ্টকালীন পেৰেন জিলা বন্ধত ব্যাপক হিংসাত্মক কাৰ্য সংঘটিত হয় । বন্ধৰ সময়ত উন্মত্ত প্ৰতিবাদী জনতাই জ্বলাই দিয়ে পেৰেন জিলাৰ অতিৰিক্ত উপায়ুক্তৰ এখন বাহন ।

Advertisment

জানিব পৰা মতে যোৱা ১৩ এপ্ৰিলত ইউনাইটেড জেলিয়াঙৰংগ য়ুথ ফেডাৰেচনে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক বান্ধি দিছিল ১০ দিনৰ সময় সীমা। এই সময় সীমা উকলি যোৱাত ইউ জে ইউ এফে অনিদিষ্টকালীন পেৰেন জিলাৰ বন্ধ আহ্বান কৰিছিল । বন্ধ চলি থকাৰ মাজতে প্ৰতিবাদকাৰী নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত হৈছিল অতিৰিক্ত উপায়ুক্ত গৰাকী ।

তেনেতে শ শ প্ৰতিবাদকাৰীয়ে পেৰেন জিলাৰ অতিৰিক্ত উপায়ুক্তৰ গাড়ীত আক্ৰমণ কৰি পথৰ ওপৰত বগৰাই দিয়ে । লগে লগে আন একাংশ উন্মত্ত জনতাই বাহনখন অগ্নি সংযোগ কৰি জ্বলাই দিয়ে । ফলত জুলেইকে চহৰত হিংসাত্মক কাৰ্য বিয়পি পৰাত দণ্ডাধিশয়ে ১৪৪ ধাৰা বলৱৎ কৰি নৈশ সান্ধ্য আইন জাৰি কৰে ।

জুলেইকে আৰক্ষীয়ে শনিবাৰে অভিযান চলাই উপায়ুক্ত বাহনত অগ্নি সংযোগ কৰাৰ অভিযোগত ইউনাইটেড জেলিয়াঙৰংগ য়ুথ ফেডাৰেচন দহ গৰাকী নেতাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । উল্লেখযোগ্য যে যোৱা ২২ মাৰ্চত ডিমাপুৰ আৰু পেৰেন জিলাৰ সীমা কেন্দ্ৰীক বিবাদৰ বাবে কোনো অজ্ঞাত দুস্কৃতিকাৰীয়ে লামিনাডী গাঁৱৰ তিনিজন লোকক গুলীয়াই হত্যা কৰিছিল ।