/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/1e4525b6-7bea-4214-92a3-09276ebf1935.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ দক্ষিণ আংগামী য়ুথ এছ'চিয়েচন আৰু কহিমা জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৬ মাৰ্চত প্ৰকৃতিৰ মনোৰম ফুলৰ উপত্যকা জুক ভেলিত বাট হেৰুওৱা ইজৰাইলৰ ৪গৰাকী ট্ৰেকিং পৰ্যটকক উদ্ধাৰ কৰে। উল্লেখযোগ্য যে, ইজৰাইলী পৰ্যটক কেইগৰাকী ব্যক্তিগতভাৱে জুক উপত্যকাত ট্ৰেকিং কৰি সন্ধিয়া বেছ কেম্পলৈ ওভতা সময়তে পথত বাট হেৰুৱাই যোগাযোগহীন হৈ পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/2992fbdf-8e57-4077-94d4-f90e056448e3.jpg)
ইফালে, পৰ্যটকক কেইগৰাকী সন্ধানহীন হোৱাৰ পিছৰ দিনা ৰাতিপুৱা ১০ বজাত জাখামা বেছ কেম্পৰ সৈতে যোগাযোগ স্থাপন হোৱাত তেওঁলোকক কোনো আঘাত নোপোৱাকৈ উদ্ধাৰ স্থানীয় য়ুথ এছ'চিয়েচনৰ সদস্যসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us