নাগালেণ্ডৰ কৃষি মন্ত্ৰী তথা জে ডি ইউৰ বিধায়ক জি কেইট আয়েৰৰ এন ডি পি পি দলত যোগদান…

নাগালেণ্ডৰ কৃষি মন্ত্ৰী তথা জে ডি ইউৰ বিধায়ক জি কেইট আয়েৰৰ এন ডি পি পি দলত যোগদান…

author-image
asomiyapratidin
New Update
নাগালেণ্ডৰ কৃষি মন্ত্ৰী তথা জে ডি ইউৰ বিধায়ক জি কেইট আয়েৰৰ এন ডি পি পি দলত যোগদান…

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ এক ৰাজনৈতিক পৰিঘটনা অনুসৰি কৃষি মন্ত্ৰী তথা জে ডি ইউৰ বিধায়ক জি কেইট আয়েৰে সোমবাৰে আনুষ্ঠানিকভাৱে শাসনাধীস্থ এন ডি পি পি দলত যোগদান কৰে । এক প্ৰেছ বাৰ্তা নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগেছিভ পাৰ্টিৰ অৰ্থাৎ এন ডি পি পিয়ে সদৰী কৰিছে যে কৃষি মন্ত্ৰী জি কেইট আয়েৰৰ নেতৃত্বত দলটোৰ অন্যান্য বিষয়ববীয়াই আজি ৰাজধানী কহিমাত এন ডি পি পিৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ আৰু দলৰ সভাপতি ছিনৱাঙ কন্যাকৰ উপস্থিতত এন ডি পি পি দলত আনুষ্ঠানিকভাৱে যোগদান কৰি এন ডি পি পিত বিলয় হয় ।

পিছত সংবাদ মাধ্যমৰ আগত জি কেইট আয়েৰে কয় যে এন ডি পি পি দলক শক্তিশালী কৰি ৰিঅ নেতৃত্বত নাগালেণ্ডত এখন সুস্থিৰ চৰকাৰ আৰু আসন্ন নগা চুক্তি স্বাক্ষৰ প্ৰতি লক্ষ্য ৰাখি জনতা দল ইউৱে আজি নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগেছিভ পাৰ্টিৰ বিলয় হোৱাৰ সিদ্ধান্ত লয় ।

আয়েৰে আৰু কয় যে কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আৰু নাগালেণ্ডত বিজেপি মিত্ৰজোঁট চৰকাৰে নগা ৰাইজৰ আশা পূৰণ কৰিব পাৰিব বুলি তেওঁ প্ৰতিয়ন যোৱাৰ বাবে এনেদৰে আজি এন ডি পি পিত যোগদান কৰে ।

ইফালে বিৰোধী দল নাগা পিপলছ ফ্ৰণ্ট আৰু বিজেপিয়ে মিলি নাগালেণ্ডত পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰা শংকা কৰিয়েই নেইফিউ ৰিঅৰ এন ডি পি পি দলে বিধায়ক কিনা -বেচা আৰু নিজৰ দললৈ আন দলৰ বিধায়কক অনাত কাৰ্যত লিপ্ত হোৱা বুলি নেইফিউ ৰিঅৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে।