/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/nagaland-6.jpg)
ডিজিটেল সংবাদ ডিমাপুৰঃ নাগালেণ্ডৰ অটিঙত ১৩ জনকৈ নিৰীহ নাগৰিকক সেনাৰ গণহত্যাৰ প্ৰতিবাদত নাগা ষ্টুডেণ্ট ফেডাৰেচনে আহ্বান জনোৱা ৬ ঘণ্টীয়া নাগালেণ্ড বন্ধত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন । পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ দিয়া এই বন্ধত সকলো ব্যৱসায়, দোকান বজাৰ যান-বাহন আৰু সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় বন্ধ হৈ পৰিছে ।
সেনাৰ বৰ্বৰতাৰে মন জিলাৰ অটিঙৰ গণহত্যাৰ উত্তৰ পূৰ্বাঞ্চল সকলো ৰাজ্যত সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ইফালে ঘটনাৰ তদন্তৰ বাবে দেওবাৰে বিয়লি তিৰু ঘটনা সংঘটিত অঞ্চলৰ পৰিদৰ্শন কৰে নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান টি জন লংকুমাৰে আয়ুক্ত ৰভিলাতো মৰ , মন জিলাৰ উপায়ুক্ত আৰু মন্ত্ৰী পাইওঙা কন্যাক আদিৰ এটা দলে ।
ইফালে দেওবাৰে উত্তপ্ত হৈ পৰা মন আৰু টুৱেঙচাঙ জিলাৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে । বৰ্তমান জিলা দুখনৰ ভিতৰি ভিতৰি চেপা উত্তেজনাই বিৰাজ কৰি আছে যদিও আইন শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন । নাগালেণ্ডৰ পৰিস্থিতি অৱনতি ঘটাৰ শংকা প্ৰকাশ কৰি সমগ্ৰ নাগালেণ্ডত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ।
৬ ডিচেম্বৰ সোমবাৰে প্ৰসিদ্ধ হৰ্নবিল উৎসৱৰ সকলো সাংস্কৃতিক কাৰ্যসূচী সূৰ্যাস্তলৈকে বাতিল কৰা হৈছে। ইফালে তিৰুৰ সেনাৰ নৰসংহাৰৰ ঘটনাৰ তদন্তৰ নাগালেণ্ড চৰকাৰে এখন পাঁচজনীয়া বিশেষ তদন্ত সমিতি গঠন কৰিছে । তদন্ত সমিতিত আছে আই জি পি লিমাছুনুপ জমিৰ , চি আই অ ৰূপা এম , ডি আই জি মনোজ কুমাৰ , অপৰাধ শাখাৰ কিলাঙ ৱালিঙ, এছ পি ৰেলি পি এ , আৰু এন এ পিৰ ডিষ্ট্ৰিক কমাণ্ডাৰ ।
এই বিশেষ তদন্ত সমিতিত নাগা আৰক্ষীৰ কিছু বিষয়াও থাকিব । দলটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে প্ৰত্যক্ষদৰ্শী সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰিব। এছ আই টিক তদাৰক কৰিব আইন শৃংখলা বিভাগৰ বিষয়া সঞ্জীৱ এম টমগডগে । সমিতিয়ে এমাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব ।
ইফালে সেনাৰ আদালতে তিৰু অসামৰিক নাগৰিকৰ গণহত্যাৰ তদন্তৰ নিৰ্দেশ দিছে । ইফালে নিহত গঞাৰ মৃতদেহ অন্ত্যষ্টিক্ৰিয়া সোমবাৰে বিয়লি অটিঙত ৰাজহুৱাকৈ কৰা হব । এই কবৰ দিয়া অনুষ্ঠানত নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ৱাই পাট্টন উপস্থিত থাকিব । উল্লেখযোগ্য যে অটিঙৰ সেনাৰ গণহত্যাৰ ঘটনাক এন এছ চি এনে পাগলামি বুলি অভিহিত কৰিছে ।