চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছতেই সক্ৰিয় নগালেণ্ড চৰকাৰ, জাৰি কৰিছে হাই এলাৰ্ট…

চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছতেই সক্ৰিয় নগালেণ্ড চৰকাৰ, জাৰি কৰিছে হাই এলাৰ্ট…

author-image
asomiyapratidin
New Update
চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছতেই সক্ৰিয় নগালেণ্ড চৰকাৰ, জাৰি কৰিছে হাই এলাৰ্ট…

ডিজিটেল সংবাদ, ডিমাপুৰঃ ৩১ আগষ্টত প্ৰকাশ পালে অসমৰ চূড়ান্ত এন আৰ চিৰ তালিকা। মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ আন চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত হৈছে। আৰু ১৯,০৬,৬৫৭ জন লোকৰ নাম বাদ পৰিছে। এন আৰ চিৰ এই চূড়ান্ত তালিকাখন প্ৰকাশ পোৱাৰ পাছতেই সক্ৰিয় হৈছে নগালেণ্ড চৰকাৰ।

নগালেণ্ড চৰকাৰে এনআৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছত ৰাজ্যখনত অবৈধ অনুপ্ৰৱেশকাৰী সোমোৱাৰসম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰিছে হাই এলাৰ্ট। এই ক্ষেত্ৰত জাৰি কৰা একনিৰ্দেশত নগালেণ্ড চৰকাৰৰ প্ৰধানসচিব গৰাকীয়ে কয় যে, ৰাজ্যখনৰ চেক গেটসমূহত আৰক্ষীসক্ৰিয় হৈ থাকিব। আৰু যিবোৰ স্থানত ইয়াৰ সম্ভাৱনা অধিক তাত আৰক্ষীয়ে অধিক নজৰৰাখিব লাগিব।

ৰাজ্যখনত প্ৰৱেশ কৰা বহিঃৰাজ্যৰলোকৰ বৈধ নথিপত্ৰ থাকিব লাগিব। যদি কোনো নথিপত্ৰ নাথাকে তেন্তে তেনে লোকৰ বিষয়েজিলা প্ৰশাসনক জনাবলৈ আহ্বান জনোৱা হৈছে নগালেণ্ড চৰকাৰৰ তৰফৰ পৰা। নগালেণ্ডৰপ্ৰতিখন গাঁও, চহৰত আৰক্ষী-প্রশাসনে চোকা নজৰ ৰাখিব লাগিব যাতে কোনো অবৈধ অনুপ্ৰৱেশকাৰীয়েৰাজ্যখনত সোমাব নোৱাৰে।

তদুপৰি চৰকাৰে নিৰ্দেশ দিয়ে যে,নগালেণ্ডত ভাৰাতীয়া হিচাপে অহা বহিঃৰাজ্যৰ লোকৰ সকলো নথিপত্ৰ জিলা প্ৰশাসন আৰুআৰক্ষীয়ে পৰীক্ষা কৰাৰ লগতে সীমান্তৱৰ্তী এলেকাসমূহত ৰাখিব লাগিব তীক্ষ্ণ নজৰ।