/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/c753c8d0-08d2-4508-aef8-a9a403896148.jpg)
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত কুকুৰ মাংসৰ কিনা-বেচা নিষিদ্ধ। ৰাজ্যখনৰ মুখ্য সচিব তেমেজন টাইয়ে শেহতীয়াকৈ এই বিষয়ৰ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্ত টুইটাৰযোগে ৰাজহুৱা কৰে। ৰাজ্য চৰকাৰে কুকুৰ মাংসৰ কিনা-বেচা নিষিদ্ধ কৰাৰ লগতে এই কামত জড়িত হ'লে কঠোৰ শাস্তি বিহাৰো সিদ্ধান্ত লৈছে।
উল্লেখ্য যে, আইনীগতভাৱে কুকুৰ হত্যা কৰা- ইয়াৰ মাংস সেৱন কৰাটো অবৈধ যদিও নাগালেণ্ডৰ লগতে উত্তৰ পূবৰ কেইবাখনো দেশত কুকুৰ মাংসৰ বেচা-কিনা মুকলিকৈ চলে। এতিয়াও বহু লোকে কুকুৰৰ মাংস পুষ্টিকৰ খাদ্য হিচাপেই গণ্য কৰে।