বিজেপিৰ কাম কাজত অসন্তুুষ্টি, নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দলত্যাগ

বিজেপিৰ কাম কাজত অসন্তুুষ্টি, নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দলত্যাগ

author-image
asomiyapratidin
New Update
বিজেপিৰ কাম কাজত অসন্তুুষ্টি, নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দলত্যাগ

ডিজিটেল সংবাদ, ৱাখাঃ কেন্দ্ৰৰ বিজেপি চৰকাৰে নগা ৰাজনৈতিক সমস্যা সমাধানত গুৰুত্ব নিদিয়া আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মতাৰ্দশৰ স‌ংঘাতৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে এল ছি ছিয়ে বিজেপি দলৰ পৰা পদত্যাগ কৰিছে।

দলৰ সভাপতি টমজেন ইমনা আলং লংকুমাৰলৈ প্ৰেৰণ কৰা নিজৰ পদত্যাগ পত্ৰত ছি ছিয়ে উল্লেখ কৰে যে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে নাগালেণ্ডৰ উন্নয়নত পিঠি দিয়া, নগা ৰাজনৈতিক সমস্যাৰ সমাধানত বিলম্ব কৰা আৰু নিবনুৱা সমস্যা সমাধানত কোনোধৰণৰ উল্লেখনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁ এনেদৰে বিজেপি দলৰ পৰা পদত্যাগ কৰিছে।

উল্লেখযোগ্য আজি কিছু দিনৰ পৰা এবছৰ সম্পূৰ্ণ হোৱা নাগালেণ্ডৰ নেইফিঅ ৰিঅৰ পি ডি এ চৰকাৰৰ প্ৰতি ৰাইজৰ ক্ষোভ বৃদ্ধি পাইছে।