/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/land-slide-exclusive-5.jpg)
ডিজিটেল সংবাদ, ডিমাপুৰঃ যোৱা প্ৰায় ডেৰমাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য নগালেণ্ডত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বান আৰু গৰাখহনীয়াৰ ফলত ৯০ শতাংশ জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যখনত। জুলাইৰ শেষ সপ্তাহৰ পৰা আগষ্টলৈকে প্ৰায় ডেৰমাহ কাল হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ ৯০ শতাংশ লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে নগালেণ্ডৰ ৪৮,৪২১টা পৰিয়াল আৰু ৫৩২খন গাঁও বানৰ কৱলত পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/land-slide-exclusive-1-750x430.jpg)
কেৱল এয়াই নহয়, নগালেণ্ডৰ বহু বাট-পথ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে যোগাযোগ ব্যৱস্থাও ব্যাহত হৈ পৰিছে। এই বানত ক্ষতি হৈছে ২০হাজাৰ কোটিৰো অধিক সা-সম্পত্তি। ৰাজ্য চৰকাৰে কেন্দ্ৰক বান আৰু ভূমিস্খলনৰ সৈতে মোকাবিলা কৰিবলৈ ৮০০কোটি টকাৰ এককালীন বান সাহায্যৰ দাবী জনাইছে যদিও, এক টকাও দিয়া নাই কেন্দ্ৰই।
বানত ক্ষতিগ্ৰস্ত হোৱা নগালেণ্ডৰ জিলা কেইখনৰ ভিতৰত মন, টিউছাং, কিফিৰে আৰু ফেক। এই জিলা কেইখন ৰাজধানী চহৰ কোহিমাৰ সৈতে ইতিমধ্যে বিচ্ছিন্ন হৈ পৰিছে। নগালেণ্ডৰ এন এছ ডি এম এয়ে প্ৰতিবেদন অনুসৰি কেইবাটাও ৰাষ্ট্ৰীয় পথ ভূমিস্খলনৰ বাবে খহি যোৱাত দীৰ্ঘদিন ধৰি সেই পথেৰে যান-বাহন চলাচল কৰিব পৰা নাই। যাৰবাবে অভাৱনীয় হাৰত সেই অঞ্চলসমূহত খাদ্য সামগ্ৰীৰ অনাটনে দেখা দিছে আৰু ভাবিব নোৱাৰা ধৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/land-slide-exclusive-3-750x430.jpg)
উল্লেখযোগ্য যে, ২৬ জুলাইৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ বাবেই দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নীপকোৱে এৰিবলগীয়া হৈছিল। যাৰফলত গোলাঘাটৰ উপকণ্ঠ অঞ্চলত জলপ্ৰলয়ৰো সৃষ্টি হৈছিল। এই বানত বাট-পথৰ লগতে কৃষিভূমিও ক্ষতি হৈছে। ইতিমধ্যে ৩হাজাৰ পৰিয়াল গৃহহাৰা হৈছে আৰু তেওঁলোকক আশ্ৰয় শিবিৰত আশ্ৰয় দিয়া হৈছে। অত্যাধিক বৰষুণৰ বাবে হোৱা ভূমিস্খলন আৰু বানত নগালেণ্ডত এই মুহূৰ্তলৈকে ১১জন লোকে প্ৰাণ হেৰুৱাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/land-slide-exclusive-2-750x430.jpg)
কিন্তু ইয়াৰ পাছতো এই পাহাৰীয়া ৰাজ্যখনৰ বানপানীৰ প্ৰতি গুৰুত্ব দিয়া নাই কেন্দ্ৰই। লক্ষণীয় যে, পূৰ্বৰ বছৰবোৰৰ তুলনাত এই বছৰ নগালেণ্ডত অত্যাধিক বৃষ্টিপাত হৈছে। বৰষুণৰ বাবে হোৱা ভূমিস্খলনে খহাই নিয়া বাট-পথ নিৰ্মাণৰ বাবেও ৰাজ্যখনত যথেষ্ট পৰিমানৰ ধন প্ৰয়োজন হ'ব। সেইবোৰৰ প্ৰতি কোনো কাণসাৰ নাই কেন্দ্ৰ চৰকাৰৰ। বান আৰু ভূমিস্খলনত ৰাজ্যখনৰ কেইবাখনো দলং ক্ষতিগ্ৰস্ত হৈছে। এই মুহূৰ্তলৈকে ৫৫৭স্থানত ভূমিস্খলন হৈছে নগালেণ্ডত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/land-slide-exclusive-4-750x430.jpg)