/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/naga.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ দেশৰ সবোৰ্চ্চ ন্যায়ালয়ত নগা জাতিৰ সংবিধানিক ৰক্ষাকৱচ নাগালেণ্ডৰ ইনাৰ লাইন পাৰপত্ৰ ব্যৱস্থাক বাতিল কৰিবলৈ প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন আজি উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে ।
বিজেপিৰ সদস্য তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে নাগালেণ্ডৰ ইনাৰ লাইন পাৰপত্ৰ ব্যৱস্থাক বাতিল কৰিবলৈ দেশৰ সবোৰ্চ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল । আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ ৰঞ্জন কুমাৰ গগৈ , ন্যায়ধীশ দীপক গুপ্তা আৰু অনিৰুদ্ধ বসুকলৈ গঠিত ৩ জনীয়া বিচাৰপীঠে শুনানিলৈ এই বুলি খাৰিজ কৰে যে বিষয়টোৰ মানি লবলৈ ন্যায়ালয়ৰ মুঠেই আগ্ৰহী আৰু ইচ্ছুক নহয় ।
উল্লেখযোগ্য যে অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে নাগালেণ্ডৰ ইনাৰ লাইন পাৰমিট ব্যৱস্থাই দেশৰ নাগৰিকক নাগালেণ্ডলৈ যি মুকলিকৈ আহ – যাহ কৰাত সীমিত কৰাৰ ক্ষমতা প্ৰদান কৰিছে। সেয়া দেশৰ সংবিধানৰ ১৪,১৫,১৯ আৰু ২১ অনুচ্ছেদৰ উলংঘন আৰু পৰিপন্থীন । অধিবক্তা অশ্বিনী কুমাৰে উপাধ্যায়ে আবেদনত এই বুলি যুক্তি দিছিল যে নাগালেণ্ডত মাত্ৰ ৮% হিন্দুৱে বসবাস কৰা ৰাজ্যত ইনাৰ লাইন পাৰপত্ৰ সম্পূৰ্ণ সংবিধানৰ পৰিপন্থীহীন ।
তেওঁ উল্লেখ কৰিছে যে নাগালেণ্ডত প্ৰৱেশ কৰিবলৈ আনকি সাংবাদিককো পাৰপত্ৰ প্ৰয়োজন। নাগালেণ্ডৰ এই অৰ্ধ ভিছা ব্যৱস্থাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ ছবি ম্লান কৰাৰ লগতে সংস্কৃতি , সাৰ্বজনীনতা আৰু দেশৰ একত্ৰিকৰণত প্ৰতিবন্ধকতা সৃষ্টি কৰিছে। তেওঁ আৰু উল্লেখ কৰিছিল যে ১৮৭৩ চনৰ বেংগল ইষ্টাৰ্ণ ফণ্টিয়া ৰেগুলেচন এক্টে প্ৰদান কৰা এই ইনাৰ লাইন পাৰপত্ৰ ক্ষমতা সম্পূৰ্ণ অযুক্তিকৰ আৰু অনুচিত ।
উল্লেখযোগ্য সৰ্বোচ্চ ন্যায়ালয়ে মঙলবাৰে এনেদৰে নগা জাতিৰ অস্তিত্ব ভাবুকি কঢ়িয়াই অনা ইনাৰ লাইন পাৰমিট বাতিল কৰিবলৈ গৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত বিজেপি সদস্য গৰাকীয়ে মুখ ঠেকেছা খোৱাত নাগালেণ্ডবাসীয়ে স্বস্তিৰে নিশ্বাস পেলাইছে ।