/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/aa1d3a22-8ed1-4372-a22c-5ea68c554ff1.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ শনিবাৰৰে পৰা প্ৰতিবেশী নাগালেণ্ডত প্ৰৱল বৃষ্টিপাত হৈ থকাৰ ফলত ৱাখা জিলাৰ পাংটি সমীপত থকা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ আজি বিপজ্জনকভাৱে বৃদ্ধি পাইছে । আজি বিয়লি নাগালেণ্ডৰ ৱাখা জিলাৰ উপায়ুক্ত ড০ মনজিৰ জিলানী সমুনে দৈয়াং প্ৰকল্পৰ জলস্তৰ বৃদ্ধি হোৱা সন্দৰ্ভত সমীপৰ গাঁৱৰবাসীলৈ সতৰ্কতা জাৰি কৰি নদী মাছ মৰা আৰু অন্যান্য কাম নকৰিবলৈ নিৰ্দেশ দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/aa1d3a22-8ed1-4372-a22c-5ea68c554ff1.jpg)
ৱাখা জিলা প্ৰশাসনে সদৰী কৰামতে যোৱা দুদিন ধৰি ৱাখা, ঝুনহবু'ট আৰু মোককচাঙ জিলাত মূষুলধাৰ আৰু নেৰানেপেৰা প্ৰৱল বৰষুণৰ দিয়াৰ ফলত আজি জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাভাৰত জমা হোৱা পানীয়ে বিপদসীমাৰ অতিক্ৰম কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/0033802b-cbbc-4d64-bffe-3daae2d332c5.jpg)
এই বাঢ়নী পানীয়ে যিকোনো মুহূৰ্তত ভয়ংকৰ ৰূপ লব পাৰে। ইফালে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাভাৰৰ পানী এৰি দিয়াৰ ফলত অসমৰ দৈয়াং নদীৰ পানীয়ে গোলাঘাট জিলাত বানপানী সৃষ্টি কৰাৰ সম্ভাৱনা আছে । অৱশ্যে এতিয়ালৈকে নেপকো বা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ফালৰ পৰা গোলাঘাট জিলা প্ৰশাসনলৈ কোনো আনুষ্ঠানিক জাননী জাৰি কৰা নাই।