নাগালেণ্ডৰ ডিমাপুৰত উত্তৰ পূৰ্বাঞ্চলৰ আৰক্ষী সঞ্চালক প্ৰধানৰ গুৰুত্বপূৰ্ণ বৈঠক

নাগালেণ্ডৰ ডিমাপুৰত উত্তৰ পূৰ্বাঞ্চলৰ আৰক্ষী সঞ্চালক প্ৰধানৰ গুৰুত্বপূৰ্ণ বৈঠক

author-image
asomiyapratidin
New Update
নাগালেণ্ডৰ ডিমাপুৰত উত্তৰ পূৰ্বাঞ্চলৰ আৰক্ষী সঞ্চালক প্ৰধানৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিজিটেল সংবাদ, ৱাখাঃ 'উগ্ৰপন্থীৰ সৈতে সম্পৰ্কিত অপৰাধ ৰোধৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৰক্ষী আৰু সুৰক্ষা এজেন্সীয়ে খণ্ডিত দৃষ্টিভংগীৰ পৰিৱৰ্তে একত্ৰিত দৃষ্টিভংগী গঢ়ি তুলিব লাগিব।' – বৃস্পতিবাৰে নাগালেণ্ডৰ ডিমাপুৰৰ ছুমুকেডিমাৰ আৰক্ষী ছাউনীত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু সুৰক্ষা এজেন্সীসকলৰ মাজত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই মন্তব্য কৰে নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে। তেওঁ কয় যে, বিগত পাঁচ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ সুৰক্ষা ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আহিছে। এই পৰিৱৰ্তনৰ কৃতিত্ব নিৰাপত্তা এজেন্সীসমূহৰ বাস্তৱিক প্ৰচেষ্টা আৰু কেন্দ্ৰীয় চৰকাৰৰ দৃঢ় নীতিৰ ফল।

ৰাজ্যপালগৰাকীয়ে পুনৰম কয় যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে আঞ্চলিক সুৰক্ষা বাবে গুৰুত্বপূৰ্ণ সংশোধন আনি ৰাজনৈতিক আলাপ আলোচনাৰ মাধ্যমৰে আগবাঢ়িছে, বন্দুকৰ দ্বাৰা নহয়। শান্তি পৰিবেশ সৰ্বসাধাৰণ ৰাইজৰ কাষ পায়গৈ। ৰাইজৰ বাবে শান্তি পৰিবেশ হব লাগিব। যাতে তেওঁলোকৰ জীৱন সম্পত্তি সুৰক্ষিত হয়।

অৱশ্যে আৰ এন ৰবিয়ে বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ আৰক্ষীৰ প্ৰদৰ্শনত অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ আৰক্ষীৰ মনোবল বৃদ্ধিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ভিত্তিত শ্ৰেষ্ঠ আৰক্ষী থানা আৰু শ্ৰেষ্ঠ আৰক্ষী জিলা চিনাক্ত কৰি পুৰষ্কৃত কৰিবলৈ পৰামৰ্শ দিয়ে। আনহাতে অসমৰ শেহতীয়া এন আৰ চিৰ প্ৰসংগত কয় যে প্ৰতিবেশী ৰাজ্যলৈ অনুপ্ৰৱেশৰ সম্ভাৱণা থকাৰ সময়তে অসমত বৃহৎ সংখ্যক বিদেশী চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে নাগৰিকৰ অবৈধ প্ৰব্ৰজন ৰোধ কৰিবলৈ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

এই আৰক্ষী সঞ্চালক প্ৰধানৰ বৈঠকত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নাগালেণ্ডৰ গৃহমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰী ৱাই পাট্টনে কয় যে উত্তৰ পূৰ্বাঞ্চলে বিগত ৬০ বছৰ ধৰি উগ্ৰপন্থীৰ সমস্যাৰে পীড়িত হৈ অহাৰ ফলত অঞ্চলটোৰ ৰাজনৈতিক, সমাজিক আৰু অৰ্থনৈতিক বিকাশত প্ৰতিকূল প্ৰভাৱ পৰিছে। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহীক নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহৰ আৰক্ষী মাজত চোৰাংচোৱা তথ্য আদান প্ৰদান আৰু আইন প্ৰণয়ন এজেন্সীৰ মাজত সমন্বয় গঢ়াৰ পোষকতা কৰে। উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ আৰক্ষীৰ সঞ্চালক প্ৰধানৰ বৈঠকত আদৰণি ভাষণ দিয়ে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ অতিৰিক্ত সঞ্চালক এ কে মিশ্ৰ আৰু নাগালেণ্ডৰ ডি জি পি টি জন লংকুমাৰে। বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো আৰক্ষী সঞ্চালক প্ৰধান উপস্থিত থাকে।