পাঁচ হাজাৰ কন্যাক জনগোষ্ঠীৰ মহিলাৰ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰয়াস

পাঁচ হাজাৰ কন্যাক জনগোষ্ঠীৰ মহিলাৰ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰয়াস

author-image
asomiyapratidin
New Update
পাঁচ হাজাৰ কন্যাক জনগোষ্ঠীৰ মহিলাৰ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰয়াস

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ মন জিলাৰ কন্যাক জনগোষ্ঠীৰ বসন্ত উৎসৱ আওলিংৰ উপলক্ষে শুকুৰবাৰে প্ৰায় ৫ হাজাৰ মহিলাই একেলগে পৰম্পৰাগত লোকনৃত্য প্ৰদৰ্শন কৰি গিনিজ বুক্ অৱ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ প্ৰয়াস কৰে। বিগত ২ এপ্ৰিলৰ পৰা মন চহৰত অনুষ্ঠিত হৈ থকা মিনি হৰ্নবিল উৎসৱ উদযাপনৰ আজি অন্তিম দিনা কন্যাক নগাসকলৰ ১১৫ খনৰো অধিক গাঁৱৰ মহিলাসকলে সমবেত হৈ কন্যাক জনগোষ্ঠীৰ বিশাল অথচ নয়নাভিৰাম পৰম্পৰাগত লোকনৃত্য প্ৰদৰ্শন কৰে।

শুকুৰবাৰে দুপৰীয়া পৰম্পৰাগত ৰঙীন পোছাকেৰে হাজাৰ হাজাৰ নগা মহিলাৰ উজীৱিত লোকনৃত্যত মন চহৰৰ আকাশ বতাহ মুখৰ হৈ পৰে। নাগালেণ্ডৰ ইতিহাস আটাইতকৈ বিশাল নৃত্য উপভোগ কৰিবলৈ হাজাৰ হাজাৰ লোকে ভিৰ কৰা পৰিলক্ষিত হয়। আয়োজক সমিতিয়ে সদৰী কৰামতে কন্যাকসকলৰ পৰম্পৰাগত লোক কৃষ্টিক বিশ্ববাসীৰ সন্মুখত দাঙি ধৰি পৰ্যটন বিকাশ কৰি অভিলেখ গঢ়াৰ লক্ষ্যৰে এই বিশাল লোকনৃত্যৰ আয়োজন কৰা হৈছিল।

শনিবাৰে দুপৰীয়া এই আওলিংৰ উৎসৱৰ নৃত্যৰ উদ্বোধন কৰি ইষ্টাৰ্ণ নাগালেণ্ডৰ অধ্যক্ষা অয়োগং চাঙে কয় যে, নগা সমাজৰ আৰ্থিক, সামাজিক আৰু সাংস্কৃতিক সংৰচনা গঢ়াত নগা মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। তদুপৰি পৰিয়াল গঢ়াত নগা মহিলাৰ অপৰিসীম ভূমিকা পালন কৰা বাবে তেওঁলোকৰ সাংস্কৃতিক মূল্য আছে।