/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/maga.jpg)
ডিজিটেল সংবাদ ৱাখাঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত ক্ৰমাৎ ভয়ানক ৰূপত বৃদ্ধি পাইছে কোৰোনাৰ ৰোগীয়ে । নাগালেণ্ডৰ স্বাস্থ্যমন্ত্ৰী পাঙনিউ ফমে আজি টুইটাৰত প্ৰকাশ কৰামতে বিগত দুটা দিনত অৰ্থাৎ কালি আৰু আজি ১১৯ গৰাকীলোক নতুনকৈ কোভিড -১৯ পজিটিভৰ হোৱাৰ তথ্য পোহৰলৈ আহিছে ।
সোমবাৰে বহিৰাজ্যৰ পৰা উভতা ২৭৫ গৰাকীলোকৰ চৱাছ পৰীক্ষা কৰা হৈছিল ইয়াৰে এটা দিনত সৰ্বাধিক ৬৯ গৰাকী লোকৰ শৰীৰত পজিটিভ ফলাফল আহে । আনহাতে আজি ৩১২ গৰাকীলোকৰ ক'হিমাৰ নাগা হাস্পতাললৈ প্ৰেৰণ কৰা স্বাৱ পৰীক্ষা ফলাফল আহে আৰু ইয়াৰে ৫০ গৰাকীলোক কোভিড পজিটিভ হয় ।
এই কোৰোনা ৰোগীসকলৰ ভিতৰত ২৪ গৰাকী ডিমাপুৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ , ১৪ গৰাকী ক'হিমা আৰু ১২ গৰাকী পেৰেন জিলাৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ । ইয়াকে লৈ নাগালেণ্ডৰ বৰ্তমানৰ কোৰোনাৰ ৰোগীৰ সংখ্যা ৩৩০ গৰাকীলৈ বৃদ্ধি পালে ।
উল্লেখযোগ্য নাগালেণ্ডত কোৰোনা ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পালেও ১৪১ গৰাকী লোকে ইতিমধ্যে আৰোগ্য লাভ কৰাৰ বিপৰীতে কোনো লোকৰ কোৰোনাত বৰ্তমানলৈকে মৃত্যু হোৱা নাই ।