নাগালেণ্ডত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

নাগালেণ্ডত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

author-image
asomiyapratidin
New Update
নাগালেণ্ডত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডত বুধবাৰে পুনৰ চেন্নাইৰ পৰা উভতা ৫ জন লোক কোৰোনাত নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এছ পাঙনিউ ফমে সদৰী কৰা মতে তিনিদিনৰ পূৰ্বে বিশেষ শ্ৰমিক ৰেলেৰে চেন্নাইৰ উভতি অহা ১৭০ লোকক টুৱেঙচাঙত কোৱাৰেইণ্টাইন কৰি কোভিড-১৯ পৰীক্ষা কৰা হৈছিল। তাৰে বুধবাৰে ৫ জনলোকৰ কোভিড পজিটিভ হয়।

এই আটাইকেইজন কোভিড ৰোগী ভিতৰত ৪ জন ডিমাপুৰৰ আৰু এজন ক'হিমা জিলাৰ যদিও তেওঁ লোকক বৰ্তমান ক'হিমা আৰু ডিমাপুৰৰ কোভিড চিকিৎসালয়ত চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰ পূৰ্বেও ডিমাপুৰত ৩ জন আৰু ক'হিমাৰ লোক কোৰোনাত আক্ৰান্ত হৈছিল আৰু ইয়াকে লৈ নাগালেণ্ডত বৰ্তমান কোৰোনাত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পালে। ইফালে নাগালেণ্ড চৰকাৰে কোভিড ৰোগীৰ বৃদ্ধি পোৱাত অধিক সতৰ্কতা অৱলম্বন কৰিছে।