মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড…

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড…

author-image
asomiyapratidin
New Update
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড…

ডিজিটেল সংবাদ বেকাজানঃ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ কাৰ্যালয়ত শুকুৰবাৰে পুৱা এক অগ্নিকাণ্ড সংঘটিত হয় । জানিব পৰামতে ক'হিমাৰ নিউ সচিবালয় ভৱন কক্ষত থকা মুখ্যমন্ত্ৰী ৰিঅ'ৰ কাৰ্যালয়ত পুৱা সাত বজাত বৈদ্যুতিক শ্বৰ্ট ছাৰ্কিটৰ ফলত অগ্নি কাণ্ডৰ সূত্ৰপাত হয় । লগে লগে নাগালেণ্ডৰ অগ্নিনিৰ্বাপক বাহিনীয়ে অতি ক্ষীপ্ৰতাৰে জুই নিয়ন্ত্ৰণ কৰে যদিও কাৰ্যালয়টোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰত জুইত জাহ যায় । অৱশ্যে এই অগ্নি কাণ্ডত কোনো লোক আহত হোৱা নাই। উল্লেখযোগ্য যে বিগত দহ বছৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত দ্বিতীয় বাৰ এনেদৰে অগ্নিকাণ্ডৰ সংঘটিত হৈছে ।