/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/bjp-flag-3818-1.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ, ৱাখাঃ লোকসভা নিৰ্বাচনলৈ মাত্ৰ দুটাদিন বাকী থকা অৱস্থাত বিজেপি দলৰ হিন্দুত্ববাদী আদৰ্শ, নাগৰিক সংশোধনী বিধেয়ক গৃহীত কৰাৰ সিদ্ধান্ত আৰু নেতাৰ স্বৈৰাতন্ত্ৰ আচৰণত অতীষ্ঠ হৈ দেওবাৰে নাগালেণ্ড বিজেপিৰ প্ৰায় ৩৭গৰাকী জ্যেষ্ঠ বিষয়ববীয়াই দল ত্যাগ কৰে।
নাগালেণ্ড বিজেপিৰ অধ্যক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা এইনেতাসকল ঝুনহবটো জিলাৰ ইউনিটৰ এইছ কে খালু, ড০ কুহৈ ঝিমমি, অনিট খালু, আৰু জান্দি ডমটা। কেইবাপৃষ্ঠা জোৰা পদত্যাগ পত্ৰত নেতাসকলে বিজেপিৰ প্ৰতি অভিযোগ উত্থাপিত কৰিছে যে- আমি বিজেপিৰ হিন্দুত্ববাদী আদৰ্শত বিশ্বাস নকৰো। আনহাতে ৰাজ্য বৰ্তমানৰ সভাপতি আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অন্তত মিশ্ৰৰ আপত্তিজনক আচৰণত তেওঁলোক সুখী নহয় ।
ইফালে ইণ্ডো নগা ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত বৰ্তমানৰ এন ডি এ চৰকাৰৰ শাসনকালত নিৰাশাজনক পদক্ষেপ আৰু ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বিজেপি দল ২০১৯ চনত পুনৰ শাসনলৈ আহিলে কেব আনিব বুলি ঘোষণা কৰা বাবে তেওঁলোকে এনেদৰে দল ত্যাগ কৰিছে। উল্লেখযোগ্য যে, নগালেণ্ডৰ বিৰোধী দল নগা পিপ'লছ ফ্ৰ'ণ্টে এইবাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ ফলত ইতিমধ্যে এন ডি পি পি আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী টখেহু ইয়েপথমি পৰাজিত হোৱা সম্ভাৱনাই দেখা দিছে।