/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/mojut.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ বিশ্বৰ পৰিভ্ৰমী পখী আমুৰ ফেলকন। প্ৰতিবছৰে আগষ্ট মাহৰ পৰা অক্টোবৰ মাহলৈ পৰিভ্ৰমী আমুৰ ফেলকন কলৰৱেৰে মুখৰিত হৈ পৰে পৃথিৱীৰ পখীৰ ভুস্বৰ্গ হিচাপে খ্যাত নাগালেণ্ডৰ ৱাখা জিলাৰ দৈয়াঙৰ পাংটি গাঁৱ । শৰৎকালৰ আগমনৰ সময়ত লাখ লাখ পৰিভ্ৰমী আমুৰে দৈয়াঙৰ জলবিদ্যুৎ প্ৰকল্পৰ সৰোবৰৰ আশে পাশে আকাশত সৃষ্টি কৰে নান্দনিক দৃশ্যৰ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/afb221f0-3940-469b-818a-17c7182e24bd.jpg)
এই আমুৰ ফেলকন পখীয়ে বৰফাবৃত সুদূৰ ৰাছিয়াৰ ছাইবেৰীয়া আৰু উত্তৰ চীনত নিজৰ প্ৰজনন কাল অতিবাহিত কৰি গ্ৰীস্ম কালত প্ৰায় ২২ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰি কেৱল জিৰণি লবৰ বাবে উপস্থিত হয়হি নাগালেণ্ডৰ দৈয়াঙত । আমুৰ আগমনৰ লগে লগে দৈয়াঙ আৰু পাংটি নগা গাঁৱ হৈ পৰে পখীৰ উপত্যকাত ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/703e8652-39fb-4357-8ac7-3c850969f6b8.jpg)
কিন্তু বৰ্তমান কোৰোনা মহামাৰীৰ মৃত্যুৰ বিভীষিকাই আচ্ছন্ন কৰি ৰখাৰ মাজতে প্ৰকৃতিপ্ৰেমীৰ বাবে এটি ভালখবৰ যে ২০১৬ চনত অক্টোবৰত ছেটালাইট টেগ কৰা নাগালেণ্ডৰ লংলেঙ জিলাৰে নামকৰণ কৰা বিশ্ব পৰিভ্ৰমী আমুৰ ফেলকন পখীটো সম্প্ৰতি উত্তৰ চীনৰ প্ৰজনন ঠাইৰ পৰা দক্ষিণ আফ্ৰিকা আৰু ছোমালীয়া উপকূলেদি পুনৰ নাগালেণ্ড লৈ উভতি আহিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/3c3fc1f0-96d1-4d70-94e3-b999402a9108.jpg)
যোৱা ৩০ এপ্ৰিলত এই তথ্য প্ৰকাশ কৰিছে ডেৰাডুনৰ ৱাইল্ড লাইফ ইনষ্টিটিউট পখীবিজ্ঞানী ডঃ সুৰেশ কুমাৰে । উল্লেখযোগ্য যে ২০১৯ চেপ্টেম্বৰ মাহত লংলেঙে একেৰাহে তিনিবছৰত ৬৬ হাজাৰ কিলোমিটাৰ পথ উৰন্ত যাত্ৰা পথ সম্পূৰ্ণ কৰি নাগালেণ্ডলৈ উভতি আহি অভিলেখ গঢ়িছিল । ২০১৯ চনত নাগালেণ্ডৰ দৈয়াঙত প্ৰায় দুমাহ কাল জিৰণি লোৱাৰ পিছত নবেম্বৰ মাহত বাংলাদেশ, আফ্ৰিকা আৰু ছোমালীয়া হৈ উত্তৰ চীনৰ প্ৰজনন ভূমিলৈ ৰাওনা হৈছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/575a501c-53f8-44b7-9a2f-8fef244fb0bf.jpg)
সম্প্ৰতি লংলেঙসহ অন্য তিনিটা ৰেডিঅ টেগ কৰা আমুৰ ফেলকন পখী ছোমালীয়া উপকূলৰ পৰা আৰৱ সাগৰ পাৰ হৈ পুনৰ উত্তৰ পূৰ্বাঞ্চললৈ যাত্ৰা কৰি কৰ্ণাটক আৰু মধ্যপ্ৰদেশত উপস্থিত হৈছে । জানিব পৰা মতে ২৩ এপ্ৰিলত লংলেঙে বিগত পাঁচটা দিন একেৰাহে নিজৰ বিৰামহীন উৰণ যাত্ৰা সম্পূৰ্ণ কৰি মুম্বাই উপকূল হৈ কৰ্ণাটক পোৱাৰ ৰেডিঅ টেগত তথ্য লাভ কৰিছে ডেৰাডুনৰ ৱাইল্ডলাইফ ইনষ্টিটিউটে ।
ইফালে চিউলন নামৰ আমুৰটোৱে ২৪ এপ্ৰিলত ছোমালীয়াৰ পৰা প্ৰায় ৩,১৫০ কিলোমিটাৰ আৰৱ সাগৰৰ পথ অতিক্ৰম কৰা ছেটালাইট তথ্য লাভ কৰা হৈছে। সম্ভৱত জুন জুলাই মাহত আমুৰ পখী দল মিজোৰামৰ, মণিপুৰ আৰু ম্যানমাৰত উপস্থিত হবহি । উল্লেখযোগ্য যে লংলেঙে ২০১৬ চনৰ পৰা একেৰাহে চাৰি বছৰ নাগালেণ্ড লৈ জিৰণি লবলৈ ১ লাখ ৫০ হাজাৰ কিলোমিটাৰ যাত্ৰা পথ সম্পূৰ্ণ কৰাৰ অভিলেখ গঢ়িছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/33502388-4411-47ef-a0de-dd43234950ef.jpg)
আনহাতে লংলেঙে হৈছে একমাত্ৰ পৰিভ্ৰমী চৰাই যাক ২০১৬ চনৰ পৰা এতিয়া লৈকে ৯,৮০০ বাৰ বিভিন্ন স্থানত ছেটালাইট টেগ কৰা হৈছে । স্মৰ্তব্য যে আমুৰ ফেলকন পখীয়ে প্ৰজননস্থলী সুদূৰ ছাইবেৰীয়া আৰু উত্তৰ চীনৰ পৰা প্ৰতিবছৰে ২২ হেজাৰ কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰি নাগালেণ্ডৰ দৈয়াঙৰ পাংটি অঞ্চলত জিৰণি লবলৈ আহে । আমুৰ ফেলকনৰ যাত্ৰা পথ আৰু পৰিভ্ৰমণৰ পৰিবেশ অধ্যয়নৰ বাবে ডেৰাডুনৰ ৱাইল্ডলাইফ ইনষ্টিটিউট পখী বিজ্ঞানীসকলে ২০১৬ চন এই লংলেঙে নাগা আৰু পাংটি নামেৰে তিনিটা আমুৰক ছেটালাইট টেগ কৰিছিল ।
ইয়াৰে লংলেঙে আমুৰ ফেলকন পখীটোৱে বিগত চাৰিটা বছৰত ১লাখ ৫০ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ লগতে নাগালেণ্ডলৈ পুনৰ উভতি আহি অভিলেখ গঢ়িছে । লংলেঙে ২০২০ বৰ্ষত চতুৰ্থ বাৰৰ বাবে বিশ্বৰ পখী ৰাজধানী নাগালেণ্ডৰ ৱাখা জিলাৰ দৈয়াঙৰ পাংটি লৈ উভতি অহাত উৎফুল্লিত হৈ পৰিছে নাগালেণ্ডৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষক বেদপাল সিঙ , ৰাজ্য চৰকাৰৰ মুখ্য সচিব টেমজেন টয় । সিঙে কয় — আমুৰ ফেলকনৰ এই সংৰক্ষণৰ সফলতাৰ কাহিনীয়ে পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত নগা যুৱ প্ৰজন্মক উৎসাহিত কৰিব । ইফালে লংলেৰ নাগালেণ্ড আগমণকলৈ নাগালেণ্ডৰ পৰিবেশকৰ্মীসকলৰ মাজত এতিয়া ব্যাপক উৎসাহ সৃষ্টি হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/47f88193-22dc-445f-9a17-3a1f0c06bc20-682x1024.jpg)