নিৰ্বাচনৰ প্ৰাকক্ষণত ভুৱা মিত্ৰতাৰ পত্ৰই খলকনি তুলিছে নাগালেণ্ডত

নিৰ্বাচনৰ প্ৰাকক্ষণত ভুৱা মিত্ৰতাৰ পত্ৰই খলকনি তুলিছে নাগালেণ্ডত

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল সংবাদ, ৱাখাঃ নিৰ্বাচনলৈ মাজত মাথোঁ তিনিটা দিন বাকী থকা অৱস্থাত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এক ভুৱা পত্ৰই নাগালেণ্ডৰ ৰাজনীতি গৰম কৰি তুলিছে। লোকসভা নিৰ্বাচনৰ পিছত এন ডি পি পি আৰু কংগ্ৰেছৰ মাজত মিত্ৰঁজোটৰ চৰকাৰ গঠন তথা নাগা পিপলছ ফ্ৰণ্টৰ বিসম্বাদী বিধায়কসকলক মন্ত্ৰীত্ব দিয়া প্ৰতিশ্ৰুতিৰে আৰু মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ' আৰু এন ডিপিপিৰ সভাপতি ছাংৱাগং কন্যাকৰ ভুৱা স্বাক্ষৰ সম্বলিত পত্ৰত এই বুলি উল্লেখ কৰা হৈছে যে, কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু ৰিঅ'ৰ মাজত এক টেলিফোনিক বাৰ্তালাপ হৈছে।

এই বাৰ্তালাপত নিৰ্বাচনৰ পিছত কংগ্ৰেছ দল আৰু এন ডি পি পিৰ মাজত মিত্ৰতা হ'ব। যদি কেন্দ্ৰত কংগ্ৰেছ দলে জয়ী হয় তেনেহলে তেওঁলোকে ৰাহুল গান্ধীক ধৰ্মনিৰপেক্ষতাৰ স্বাৰ্থত চৰকাৰ গঠনত সমৰ্থন কৰিব। আনহাতে বিৰোধী এন পি এফৰ ৭জন বিধায়কক মন্ত্ৰীত্ব আৰু বিভিন্ন বিভাগৰ উপদেষ্টা কৰিব ইত্যাদি কথা পত্ৰখনত উল্লেখ আছে। যোৱা ২৮ মাৰ্চত ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভুৱা পত্ৰই চৰম অশ্বস্তিত পেলোৱাত সম্প্ৰতি এন ডি পি পিয়ে এনে কাৰ্য হাস্যস্পদ আখ্যা দিয়াৰ লগতে আৰক্ষীৰ কাষ চাপিছে।