/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/download.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ অবৈধ বিদেশী প্ৰব্ৰজন প্ৰতিৰোধৰ বাবে সম্প্ৰতি নাগালেণ্ড চৰকাৰে প্ৰৱৰ্তন কৰিবলৈ লোৱা খিলঞ্জীয়া পঞ্জীয়ন ব্যৱস্থাৰ ভিত্তি বৰ্ষৰ ১৯৬৩ চন হব বুলি নিৰ্ধাৰিত কৰিছে জে চি পি আই অৰ্থাৎ জইণ্ট কমিটি অন প্ৰিভেনছন অফ ইলিগেল ইমিগ্ৰেছনে ।
অলপতে ডিমাপুৰৰ হোটেল ছাৰামতিত জে চি পি আই আৰু নাগালেণ্ড ট্ৰাইবেল ব'ডীয়ে এক গণ অভিৱৰ্ত্তনত এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে । জে চি পি আইৰ সমন্বয়ক আৰু সম্পাদক ঘখেট ছফি আৰু টিয়া লংছাৰে কয় যে ৰেজিষ্টাৰ অৱ ইণ্ডিজেনাছ ইনহেবিটেন্স নাগালেণ্ডৰ কাৰ্ডৰ ভিত্তি বৰ্ষ ১ ডিচেম্বৰ ১৯৬৩ চন আৰু নাগালেণ্ডৰ স্বীকৃতি প্ৰাপ্ত সকলো জনগোষ্ঠীৰ বাবে ভিত্তি বৰ্ষ ১৯৭৭ চন হব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ।
জেচিপিআই কয় যে ৰিনৰ বাবে সত্যতাপৰ্ণ মূল নথি পত্ৰ হব নগা কেৱল নগাসকলৰ পৈতৃক গাঁৱ বাসিন্দা পৰিচয়পত্ৰ। আনহাতে নাগালেণ্ডৰ এই খিলঞ্জীয়া পঞ্জীয়ন কাৰ্ড কেৱল নগা তেজৰ নগাসকলৰ বাবে হব লাগিব দাবী কৰিছে জে চি পি আইয়ে ।
উল্লেখযোগ্য যে কেন্দ্ৰৰ বিজেপি চৰকাৰে শীঘ্ৰে প্ৰৱৰ্তন কৰিব লগা বিদেশী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বাবে নগাসকলে নিজৰ জাতিৰ অস্তিত্বৰ ৰক্ষাৰ বাবে এতিয়া এনেদৰে খিলঞ্জীয়া পঞ্জীয়ন ব্যৱস্থা কৰিছে আৰু অহা ১০ জুলাই পৰা আৰম্ভ কৰিব পঞ্জীয়নৰ কাম – কাজ ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us