/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/naga-students-carrying-train-attcked-in-bihar.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ হাৰিয়ানাৰ গুৰগ্ৰামৰ আবদ্ধ হৈ থকা ৪২৬ গৰাকী নাগালেণ্ডৰ যাত্ৰী কঢ়িয়াই অনা শ্ৰমিক ট্ৰেইনৰ ওপৰত দেওবাৰে পুৱা বিহাৰৰ দিনাপুৰ ৰে'ল ষ্টেচনত একাংশ উন্মুক্ত লোকে আক্ৰমণ কৰাত দুগৰাকী যাত্ৰী গুৰুত্বভাৱে আহত হয়। হাৰিয়ানাৰ পৰা ডিমাপুৰলৈ আহি থকা ৰে'লখন ষ্টেচনটোত ৰখোৱাৰ সময়তে একাংশ লোকে ডবাৰ দুৱাৰ খুলিবলৈ ভাবুকি দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/b985d807-5f47-406f-8851-ab33d7abd53e-567x1024.jpg)
যাত্ৰীসকলে নিৰাপত্তাৰ খাতিৰত দুৱাৰ খুলি নিদিয়াত খিৰিকীৰে আক্ৰমণ কৰে। জানিব পৰামতে বিহাৰৰ একাংশ যাত্ৰীয়ে ৰে'লখনত বিনা টিকট লৈ প্ৰবেশ কৰিবলৈ চেষ্টা কৰে। বৰ্তমান যাত্ৰীৰ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি এই ঘটনাক লৈ নাগালেণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।