আজৱ কাণ্ড! হাতত ৰাইফল লৈ বিবাহ অনুষ্ঠানত ফটো উঠিলে এনএছচিএন (ইউ)ৰ নেতাৰ পুত্ৰ আৰু বোৱাৰীয়ে…

আজৱ কাণ্ড! হাতত ৰাইফল লৈ বিবাহ অনুষ্ঠানত ফটো উঠিলে এনএছচিএন (ইউ)ৰ নেতাৰ পুত্ৰ আৰু বোৱাৰীয়ে…

author-image
asomiyapratidin
New Update
আজৱ কাণ্ড! হাতত ৰাইফল লৈ বিবাহ অনুষ্ঠানত ফটো উঠিলে এনএছচিএন (ইউ)ৰ নেতাৰ পুত্ৰ আৰু বোৱাৰীয়ে…

ডিজিটেল ডেস্কঃ নগালেণ্ডৰ এখন বিবাহ অনুষ্ঠানৰ ফটো ছ'চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ পৰিছে। বিবাহ অনুষ্ঠানলৈ অহা অতিথিসকলে দেখিবলৈ পালে এক আজৱ ঘটনা। দৰা আৰু কইনা ব্যস্ত ফটো উঠাত। কিন্তু উপহাৰৰ পৰিৱৰ্তে দৰা-কইনাৰ হাতত দেখা গ'ল দুটাকৈ ৰাইফলহে।

দৰাৰ সাজত সন্ত্ৰাসবাদী সংগঠন এন এছ চি এন (ইউ)ৰ নেতাগৰাকীৰ পুত্ৰ আৰু তেওঁৰ ন-কইনাক। তেওঁলোকে হাতত দুটাকৈ ৰাইফল লৈ থকা পৰিলক্ষিত হৈছে ফটোখনত। আৰু এই ফটোখন এতিয়া ছ'চিয়েল মিডিয়াত হৈ পৰিছে ভাইৰেল।

উল্লেখ্য যে, উত্তৰ-পূবতকেন্দ্ৰীয় চৰকাৰ নগা সংগঠনসমূহৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰৰ চেষ্টা চলাই থকাসময়তে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এইখন ফটো। কিলো কিল'নছাৰৰ পুত্ৰ বহোটাকিবাই হাতত লৈ আছে এ কে ৫৬ আৰু এম ১৬ ৰাইফল।

এক সূত্ৰ অনুসৰি, ৯ নবেম্বৰ,২০১৯ত অনুষ্ঠিত বিবাহ অনুষ্ঠানলৈ অহা অতিথিসকলেও আচৰিত হৈ পৰে তেওঁৰ হাতত এই ৰাইফলদুটা দেখি। ইফালে, নগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান টি জ'ন লংগকুমেৰে এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত কয়- 'মইএতিয়ালৈকে ফটোখন দেখা নাই। আৰু এই বিষয়ে মই অৱগত নহয়।'