নাগা নেচনেল পলিটিকেল গ্ৰুপৰ সৈতে নগা শান্তি আলোচনাৰ কেন্দ্ৰৰ মধ্যস্ততাকাৰী এ কে মিশ্ৰৰ বৈঠক সম্পন্ন…

নাগা নেচনেল পলিটিকেল গ্ৰুপৰ সৈতে নগা শান্তি আলোচনাৰ কেন্দ্ৰৰ মধ্যস্ততাকাৰী এ কে মিশ্ৰৰ বৈঠক সম্পন্ন…

author-image
asomiyapratidin
New Update
নাগা নেচনেল পলিটিকেল গ্ৰুপৰ সৈতে নগা শান্তি আলোচনাৰ কেন্দ্ৰৰ মধ্যস্ততাকাৰী এ কে মিশ্ৰৰ বৈঠক সম্পন্ন…

ডিজিটেল সংবাদ বেকাজানঃ  নগা সমস্যাৰ সমাধানৰ উদ্দেশ্য সাতটাকৈ বিদ্ৰোহী গোটৰ সমূহ নগা নেচনেল পলিটিকেল গ্ৰুপৰ সমন্বয়ক  এন কিটভি ঝিমমিৰ সৈতে ডিমাপুৰ ছুমুকেডিমাৰ আৰক্ষী নিবেশত বৃহস্পতিবাৰে ভাৰত চৰকাৰৰ নতুন প্ৰতিনিধি এ কে মিশ্ৰৰ গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হৈ যায় । নগা নেচনেল পলিটিকেল গ্ৰুপে সদৰী কৰামতে তেওঁলোকে পূৰ্বৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ অতিৰিক্ত সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰক ২০১৭ চনত ভাৰত চৰকাৰৰ সৈতে এন এন জি পিৰ মাজত সম্পাদিত 'এগ্ৰি পইণ্ট চুক্তি অৰ্থাৎ সহমত স্থিত'  সম্পৰ্কে অৱগত কৰায় ।

Advertisment

এই চুক্তি নগাসকলৰ ৰাজনৈতিক আৰু ঐতিহাসিক  অধিকাৰৰ অতুলনীয় দলিল বুলি উল্লেখ কৰি এন এন জি পিৰ নেতাসকলে কয়  যে নগাসকলৰ ৰাজনীতি সকলো বিষয় অন্তৰ্ভুক্ত কৰি ২০১৯চনৰ ৩১ অক্টোবৰত আলোচনা সম্পন্ন কৰা হৈছে ।  কিন্তু চূড়ান্ত নগা চুক্তি স্বাক্ষৰত বিলম্ব কৰাৰ বাবে সম্প্ৰতি নাগালেণ্ডত ধনদাবী, অপহৰণ, ভাবুকি দৰে ঘটনা পুনৰ আৰম্ভ হবলৈ ধৰিছে। সেয়ে নাগা নেচনেল পলিটিকেল গ্ৰুপে ভাৰত চৰকাৰৰ প্ৰতিনিধি গৰাকীক নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে চূড়ান্ত চুক্তি স্বাক্ষৰ কৰাৰ এয়াই উপযুক্ত সময় বুলি অৱগত কৰে ।

ইফালে এন এন জি পিৰ সৈতে ডিমাপুৰত পৃথকে  নগা ৰাজনৈতিক বিষয়ৰ ক'ৰ কমিটিৰ বৈঠক অনুষ্ঠিত হয় । দুঘণ্টা জোৰা বৈঠকত সন্দৰ্ভত ক'ৰ কমিটিৰ সচিব মন্ত্ৰী নেইবা ক্ৰনুৱে কয়-  উভয় পক্ষৰ প্ৰতিনিধিমূলক ফলপ্ৰসূ হৈছে। ক'ৰ কমিটিয়ে নগা বিদ্ৰোহী গোটৰ সমূহক একত্ৰিত কৰিবলৈ যথাসাধ্য চেষ্টা অব্যাহত ৰাখিছে । যাতে ৭ দশকজোৰা নগা সমস্যাৰ ৰাজনৈতিক সমাধান এক চুক্তি এক সমাধান হয় । তেওঁক সুকীয়া পতাকা আৰু সংবিধান আমাৰ বিষয় নহয় । তেওঁ কয় নগা সমস্যাৰ সমাধান আলোচনাকাৰী ওপৰত নিৰ্ভৰ কৰিব ।