নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোটত পুনৰ ৩০০ যুৱকৰ যোগদান…

নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোটত পুনৰ ৩০০ যুৱকৰ যোগদান…

author-image
asomiyapratidin
New Update
নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোটত পুনৰ ৩০০ যুৱকৰ যোগদান…

ডিজিটেল সংবাদ, ৱাখাঃ ভাৰত চৰকাৰৰ সৈতে আসন্ন চূড়ান্ত নগা চুক্তি স্বাক্ষৰৰ দুৱাৰডলিত উপনিত হোৱাৰ মুহূৰ্তত সম্প্ৰতি প্ৰায় ৩০০ গৰাকী নগা যুৱকে পুনৰ বিদ্ৰোহী সংগঠনটোত যোগদান কৰি সামৰিক প্ৰশিক্ষণ লোৱা বিষয়টোৱে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

উল্লেখযোগ্য যে বুধবাৰে এন এছ চি এন মুইভা গোটে ডিমাপুৰ থকা তেওঁলোকৰ কেম্প হেব্ৰনৰ মুখ্য কাৰ্যালয়ৰ সমীপৰ জেনেৰেল ফিল্ড ট্ৰেইনিঙৰ শিবিৰত আয়োজিত পাছিং আউট পেৰডত প্ৰায় ৩০০ নগা যুৱকে বিদ্ৰোহী সংগঠনটোৰ নগা আৰ্মিত ভৰ্তি হৈ শপত গ্ৰহণ কৰে । আজি এন এছ চি এন মুইভা গোটৰ ৬৩ সংখ্যক সামৰিক বাহিনীৰ প্ৰশিক্ষণ পাঠ্যক্ৰম এই কাৰ্যসূচী নগা নেচনেল আৰ্মিৰ কামাণ্ডাৰ ইন চীফ লংভিবুৰ আৰু লেফন্টেন জেনেৰেল এন্থনি ছিমৰে উপস্থিত থাকি পতাকা উত্তোলন কৰে ।

এন এছ চি এন মুইভা গোটৰ শীৰ্ষ সূত্ৰই জানিবলৈ দিয়ামতে তেওঁলোকৰ এই সামৰিক প্ৰশিক্ষণ কাৰ্যসূচীত আৰু নতুন সদস্য ভৰ্তি কাম বিগত চাৰি মাহৰ পৰা চলি আছে । জেনেৰেল ফিল্ড ট্ৰেইনিঙত নতুন কেডাৰসকলক ৰাজনৈতিক আৰু আধ্যাত্মিক ব্যক্তি সৈতে বাৰ্তালাপ , ফুটড্ৰিল , অস্ত্ৰৰ সশস্ত্ৰ প্ৰশিক্ষণ আৰু গভীৰ অৰণ্য অস্তিত্ব বজাই ৰখাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।

তদুপৰি বিগত তিনি মাহৰ পৰা কেডাৰসকলক আধুনিক গেৰিলা যুদ্ধ কৌশলৰ প্ৰশিক্ষণ দিয়া হৈছে । এন এছ চি এনৰ এনে বৃহৎ সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ তথ্যই সম্প্ৰতি ভাৰতীয় নিৰাপত্তা সংস্থাৰ বাবে উদিগ্ন কৰি তুলিছে ।

উল্লেখযোগ্য যে যোৱা বৃস্পতিবাৰে ৰাজ্যপাল তথা নগা শান্তি আলোচনাৰ মধ্যস্ততাকাৰী আৰ এন ৰবিয়ে ২০১৫ চনৰ ৩ আগষ্ট সম্পাদিত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত নাগালিমৰ বাবে সুকীয়া পতাকা সংবিধান , পান নগা হোহো আৰু নগা এলেকাৰ একত্ৰিকৰণৰ কোনো কথা উল্লেখ নাই বুলি বিতৰ্কিত মন্তব্য কৰাৰ প্ৰায় ছয়দিনৰ পিছতে এনেদৰে নতুন সদস্য ভৰ্তিৰে ৩০০ যুৱকে সামৰিক প্ৰশিক্ষণ লোৱা কাৰ্যই ইণ্ডো- নগা ৰাজনৈতিক সমস্যাটো অধিক জটিল কৰি তোলাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে ।

ইফালে আজি এন এছ চি এন মুইভা গোটৰ সামৰিক প্ৰশিক্ষণ তথ্য পোহৰলৈ অহাৰ পিছত ভাৰত চৰকাৰে বিষয়টো কেনেদৰে লয় সেয়া নিশ্চয় লক্ষনীয় হ'ব ।