দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ এন বীৰেন সিঙৰ…

দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ এন বীৰেন সিঙৰ…

author-image
asomiyapratidin
New Update
দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ  এন বীৰেন সিঙৰ…

ডিজিটে ডেস্কঃ একেৰাহে দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে এন বীৰে সিঙে। বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতৃত্বৰ উপস্থিতিত মণিপুৰৰ ৰাজভৱনত শপত গ্ৰহণ কৰে বীৰেন সিঙে। বীৰেন সিঙৰ উপৰিও আন ৫ গৰাকী বিধায়কে মন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে। তেওঁলোকক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল লা গণেশনে।

এন বীৰেন সিঙৰ উপৰিও শপত গ্ৰহণ কৰা তেওঁৰ মন্ত্ৰী পৰিষদৰ আন ৫ গৰাকী বিধায়ক ক্ৰমে থ বিশ্বজিৎ, ৱাই খেমচান্দ, গোবিন্দাস কন্থৌজাম, নেমচা কিপগেন আৰু আৱাংবৌ নিউমাই। এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰী সভাপতি জে পি নড্ডা, কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সশক্তিকৰণ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভূমিক, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ, মণিপুৰ বিজেপিৰ সভাপতিএ সাৰদা দেৱী আদি নেতা।