/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/n-biren-singh.jpg)
ডিজিটেল সংবাদ ৱাখাঃ এন বীৰেন সিঙ মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে পুনৰ নিৰ্বাচিত হৈছে । বুধবাৰে নতুন দিল্লীত মণিপুৰৰ তত্বাৱধায়ক মুখ্যমন্ত্ৰী এন বীৰেন সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তথা বিজেপিৰ হাই কামাণ্ডক সাক্ষাৎ কৰে । পৰৱৰ্তী সময়ত হোৱা বিজেপিৰ হাই কামাণ্ডৰ বৈঠকৰ পিছতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই মণিপুৰৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে এন বীৰেন সিঙৰ নাম ঘোষণা কৰে ।
উল্লেখযোগ্য যে যোৱা ১০ মাৰ্চত ঘোষণা কৰা দেশৰ অন্য ৪ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ লগতে ৬০ জনীয়া মণিপুৰ বিধানসভাত বিজেপিয়ে ৩২ আসনেৰে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিছিল যদিও কোন হ'ব মণিপুৰৰ মুখ্যমন্ত্ৰী তাক লৈ কিছু মতভেদ আৰু উৎকণ্ঠা সৃষ্টি হৈছিল । কিয়নো এইবাৰ মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ বাবে এন বীৰেন সিঙৰ লগতে জ্যেষ্ঠ বিজেপিৰ নেতা টি এইচ বিশ্বজিত সিঙ প্ৰবল দাবীদাৰ আছিল ।
দলত বিসম্বাদৰ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ শীৰ্ষ নেতৃত্বতই মঙ্গলবাৰে এন বীৰেন সিঙ, মণিপুৰ ৰাজ্যিক সভাপতি এ সাৰদা দেবী আৰু বিধায়ক টি এইচ বিশ্বজিত সিঙক একেলগে নতুন দিল্লীলৈ তলব কৰে । বুধবাৰে দুপৰীয়া এন বীৰেন সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই বীৰেন সিঙক মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে । জানিব পৰামতে হলি উৎসৱৰ পিছতে এন বীৰেন সিঙে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।