/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/N-BIREN-SINGH.jpg)
ফাইল ফটো
ডিজিটেল সংবাদ, ৱাখাঃ সংকটৰ দিশে মণিপুৰৰ এন বীৰেণ সিঙৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। সমৰ্থন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছে মিত্ৰদল নাগা পিপলছ ফ্ৰণ্টৰ চাৰিজন বিধায়কে। এন পি এফৰ নেতা তথা নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে শনিবাৰে দলৰ অফিচিয়েল টুইটাৰত এই কথা ঘোষণা কৰিছে। টুইটাৰ বাৰ্তাত এন পি এফৰ নেতা টি আৰ জেলিয়াঙে এই বুলি কৰিছে যে মণিপুৰত এন বীৰেণ সিঙৰ নেতৃত্বত বিজেপিৰ চৰকাৰ গঠনত নাগা পিপলছ ফ্ৰণ্টৰ চাৰি গৰাকী বিধায়কে সমৰ্থন কৰিছিল। কিন্তু বিজেপিয়ে মণিপুৰ আৰু নাগালেণ্ডত তেওঁলোকৰ মিত্ৰজোঁট নাগা পিপলছ ফ্ৰণ্টক কোনো গুৰুত্ব নিদি উদাসীনতা প্ৰদৰ্শন কৰাৰ বাবে সদ্য সমাপ্ত লোকসভাৰ নিৰ্বাচন পিচতেই দলে সমৰ্থন প্ৰত্যাহাৰৰ এই সিদ্ধান্ত গ্ৰহণ কৰে।
জেলিয়াঙে আৰু উল্লেখ কৰে যে, সমৰ্থন প্ৰত্যাহাৰ কৰা বিষয়টোৰ সন্দৰ্ভত দলৰ মণিপুৰৰ ৰাজ্যিক বিষয়ববীয়া আৰু এন পি এফৰ চাৰি গৰাকী বিধায়কৰ সৈতে গভীৰ আলোচনা-পৰামৰ্শ আৰু সমীক্ষাৰ পিছত লোৱা হৈছে। উল্লেখ্য যে, শেহতীয়াকৈ লোকসভাৰ নিৰ্বাচনত নাগালেণ্ডৰ একমাত্ৰ আসনখনৰ বাবে কংগ্ৰেছক সমৰ্থন দিছিল নাগা পিপলছ ফ্ৰণ্টে। ফলত মণিপুৰত নাগা পিপলছ ফ্ৰণ্ট আৰু বিজেপিৰ মাজত দূৰত্ব বৃদ্ধি পাইছিল। স্মৰ্তব্য যে নাগা পিপলছ ফ্ৰণ্ট দলৰ মণিপুৰ বিধানসভাত চাৰি গৰাকী বিধায়ক আছে।