/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/06d276bd-26f1-40e5-a758-9186f0e99d15.jpg)
ডিজিটেল সংবাদ ৱাখাঃ সুদীৰ্ঘ ৫০ দিনজুৰি চলা ৰক্তাক্ত সংঘৰ্ষৰ পিছত শনিবাৰে নিশা ম্যানমাৰ সেনা টাদমাদাওৱে আৰকান আৰ্মি বিৰুদ্ধে একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰে । অৱশ্যে এই যুদ্ধ বিৰতি ম্যানমাৰ সেনাই সন্ত্ৰাসবাদী অঞ্চল বুলি ঘোষণা কৰা এলেকাত প্ৰযোজ্য নহব ।
কোভিড-১৯ মহামাৰী পৰিপ্ৰেক্ষিতত মানৱীয়তাৰ দৃষ্টিকোণৰ পৰা শনিবাৰে নিশা টাদমাদাওৱে এনেদৰে যুদ্ধ বিৰতি ঘোষণা কৰে। জানিব পৰামতে অহা আগষ্ট মাহলৈকে এই যুদ্ধ বিৰতি বাহাল থাকিব । উল্লেখযোগ্য যে যোৱা ২৩ মাৰ্চত ম্যানমাৰ চৰকাৰে আৰকান বিদ্ৰোহীৰ বিৰুদ্ধে সামৰি অভিযান আৰম্ভ কৰিছিল ।
এই অভিযানত বহুতো নিৰীহ অসামৰিক লোকে প্ৰাণ হেৰুৱাইছে । ইফালে ২০০৯ চনত ম্যানমাৰ ৰাখাইন আৰু শ্বিন প্ৰদেশৰ নৃগোষ্ঠীয় বিদ্ৰোহী সংগঠন আৰকান আৰ্মি য়ে চৰকাৰৰ পৰা স্বায়ত্ত শাসন বিচাৰি এই যুঁজ আৰম্ভ কৰিছিল । ২০১৮ চন লৈকে ম্যানমাৰ সেনা টাদমাদাও আৰু বিদ্ৰোহী মাজৰ যুদ্ধ ত এতিয়ালৈকে ডেৰ লাখ লোকক গৃহহীন হৈছে।