/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/1adc3145-54b7-47ec-aa58-53fc1998119d.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ ম্যানমাৰস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাং গোটে সম্প্ৰতি ম্যানমাৰ চৰকাৰৰ নেচন ৱাইড যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰিছে। এন এছ চি এন খাপলাং গোটে উল্লেখ কৰিছে যে, ম্যানমাৰ নগাসকলে যিহেতু ১৯৪৭ চনৰ তেতিয়াৰ ম্যানমাৰ চৰকাৰৰ সৈতে পাংলংগ চুক্তিৰ স্বাক্ষৰ কৰা নাছিল গতিকে বৰ্তমান নেচন ৱাইড যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰাৰ কোনো যুক্তি নাই। এন এছ চি এন কেৰ জনসম্পৰ্কৰক্ষী বিষয়া যোছেফ লাম কানে জানিবলৈ দিয়ে এনেদৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/89228ed7-b9dc-4c35-bab7-55ca40e03c16-1024x986.jpg)
তেওঁ আৰু কয় যে, এন এছ চি এন কেয়ে ম্যানমাৰ চৰকাৰৰ সৈতে বৰ্তমানৰ নেচন ৱাইড চুক্তিত এইবাবেই স্বাক্ষৰ নকৰে কিয়নো ১৯৪৭ চনৰ পূৰ্বৰ পৰাই ছাগাইঙিৰ নগাসকল স্বাধীন আছিল। গতিকে নগাসকলে স্বাধীনতাৰ নোপোৱা পৰ্যন্ত শেষ উশাহ থকালৈকে যুজঁ দি যাব। কিন্তু নগা ৰাজনৈতিক সমস্যাটোৰ ক্ষেত্ৰত ম্যানমাৰ চৰকাৰে ভাৰত চৰকাৰক বেছি বিশ্বাস কৰি অতি ডাঙৰ ভুল কৰিছে, কাৰণ ভাৰতে নগাসকলৰ স্বাধীন ইতিহাস অস্বীকাৰ কৰিব খোজে। এন এছ চি এন কেই এই বুলি স্পষ্ট কৰিছে যে, ২০১২ চনৰ ৯ এপ্ৰিলত তেওঁলোকে যি যুদ্ধ বিৰতিৰ চুক্তি স্বাক্ষৰ কৰিছিল সেই চুক্তি কেৱল ছাগাইঙিৰ নগা আঞ্চলিক চৰকাৰৰ সৈতে কৰা দ্বিপাক্ষীক চুক্তিহে আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/ce19b636-f095-46cb-baf3-8287b54e2144.jpg)
সেই চুক্তি ম্যানমাৰ চৰকাৰৰ সৈতে কৰা নেচন ৱাইড যুদ্ধ বিৰতিৰ চুক্তি নাছিল। কিন্তু যোৱা ২৯ জানুৱাৰীত ম্যানমাৰ সেনাই এই যুদ্ধ বিৰতিৰ চুক্তি উলংঘা কৰি ছাগাইঙিৰ নানয়ূন চহৰৰ সমীপত থকা টাগাৰ মুখ্য কাৰ্যালয়টো সামৰি অভিযান চলাই দখল কৰে। উল্লেখ্য যে, ম্যানমাৰ চৰকাৰে এই বুলি কৈছে যে, এন এছ চি এন খাপলাঙ গোটে ভাৰতৰ স্বাধীনতাকামী বিদ্ৰোহী গোট ক্ৰমে অসমৰ আলফা স্বাধীন আৰু মণিপুৰৰ মেইটেই বিদ্ৰোহীসকলক আশ্ৰয় আৰু সামৰিক প্ৰশিক্ষণ দিয়াৰ বাবেই তেওঁলোকে নগা বিদ্ৰোহী কাৰ্যালয় দখল কৰিবলৈ বাধ্য হৈছিল। আৰু সংগঠনটোৰ পাঁচজন শীৰ্ষ নেতাক বিচাৰৰ কাঠগৰাত থিয় কৰায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/f5f595cb-0f02-4ea5-b25a-e97de81c0de5-1024x677.jpg)
ইফালে এন এছ চি এনে ম্যানমাৰ সেনাৰ এই সামৰিক অভিযানক ২০১২ চনৰ যুদ্ধ বিৰতি চুক্তিৰ দেখ দেখ উলংঘা কৰা বুলি অভিযোগ কৰিছে। ইপিনে ম্যানমাৰ সেনাৰ ব্ৰিগেডিয়াৰ জেনেৰেল মিন মিনে কয় যে, যদি এন এছ চি এন কেই উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহীক আশ্ৰয় দিয়া বন্ধ কৰি দায়বদ্ধতাৰ পৰিচয় দিয়ে তেনেহলে পূৰ্বৰ যুদ্ধ বিৰতি বিবেচনা কৰা হ'ব পাৰে। সম্প্ৰতি এন এছ চি এনৰ বিষয়া যোছেফ লাম কানে ম্যানমাৰ চৰকাৰৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি কৈছে যে, ম্যানমাৰ নগা সমস্যাটো ম্যানমাৰৰ অন্য নৃগোষ্ঠীয় সমস্যাতকৈ পৃথক। প্ৰকৃততে ম্যানমাৰ চৰকাৰে যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰাতকৈ নগাসকলৰ স্বাধীনতা ঘূৰাই দিয়াৰ পথ সন্ধান কৰা উচিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/761868d3-20dd-4762-af0f-c1a1aa73782e.jpg)