/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/LM.jpg)
ভাৰতৰ সীমান্তৱৰ্তী ম্যানমাৰ বিদ্ৰোহী কৱলিত ক্ৰমে তীব্ৰতৰ হৈ উঠিছে সেনা-বিদ্ৰোহীৰ সংঘৰ্ষ। এই অভিযানত সেনা বাহিনীয়ে হেলিকপ্টাৰৰ লগতে গধুৰ যুদ্ধাস্ত্ৰয়ো ব্যৱহাৰ কৰিছে। আচম্বিত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ফলত বিদ্ৰোহী আৰু সামৰিক বাহিনীৰ লোকৰ লগতে সাধাৰণ লোকৰো মৃত্যু হোৱা বুলি অভিযোগ উঠিছে। বিষয়টো ৰাষ্ট্ৰীয় মানৱধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰসংঘৰ মানৱধিকাৰ পৰিষদতো উত্থাপিত হৈছে। ৰাষ্ট্ৰ সংঘইয়ো সংশ্লিষ্ট সকলো পক্ষক যুদ্ধ বিৰতি মানি চলিবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত যুদ্ধ ভূমিৰ তথ্য সম্বলিত এক প্ৰতিবেদন যুগুতাইছে মন্টুচ কোঁৱৰে…
ম্যানমাৰৰ ৰাখাইন, শ্বিন, কাছিন আৰু শ্বান এই চাৰিখন প্ৰদেশৰ খিলঞ্জীয়া জনগোষ্ঠীসকলৰ ৰাজনৈতিক আৰু আত্মনিয়ন্ত্ৰৰ অধিকাৰ প্ৰতিষ্ঠাৰ হকে চলাই থকা ৰক্তাক্ত সংগ্ৰামখনে সম্প্ৰতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ম্যানমাৰ চৰকাৰ বিদ্ৰোহীৰ বিৰুদ্ধে সামৰিক অভিযানে সম্প্ৰতি নিৰীহ নাৰী আৰু শিশু হত্যাৰে একপ্ৰকাৰ মানৱতাৰ বধ্যভূমিত পৰিণত কৰা ৰাখাইন আৰু চীন প্ৰদেশত ৩ লাখ ৫০ হেজাৰোধিক লোক গৃহহীন হৈ মানৱীয় সংকট সৃষ্টি কৰিছে ।
গাঁও এৰি হেজাৰ হেজাৰ লোকে অৰণ্যত আত্মগোপন কৰিছে । উল্লেখযোগ্য যে যোৱা ফেব্ৰুৱাৰী মাহ পৰা চলি থকা আৰকান বিদ্ৰোহী মাজৰ প্ৰচণ্ড যুদ্ধত এতিয়ালৈকে ২৯ গৰাকীৰ নিৰীহ অসামৰিক গঞা নিহত হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/aa46cb71-63fd-49af-874c-58d22b548346.jpg)
টাদমাদাওয়ে বিদ্ৰোহী সন্ধান চলোৱা বিমান আক্ৰমণ আৰু মাইন বিস্ফোৰণত যোৱা ২০ এপ্ৰিল চাৰিটি শিশুসহ ২১জন লোকৰ প্ৰাণ যায় । লগতে ম্যানমাৰ সেনাই পেলৱাট আৰু মিনবায়া সমীপৰ থকা কেইবাখনো পৰ্বতীয়া গাঁৱ জ্বলাই নিশেষ কৰি পেলায় । সমান্তৰালভাৱে বিদ্ৰোহীৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে গাঁৱখনৰ নিৰীহ যুৱসকলক ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/d1ea9e6f-ee7e-4d04-b8b5-fb621409ee44.jpg)
ম্যানমাৰ সেনাৰ এনে বৰ্বৰ সামৰিক বাহিনীৰ অভিযানেৰে ব্যাপক হাৰত মানৱাধিকা ভংগ ঘটনাত উদিগ্ন হৈ পৰিছে ৰাষ্ট্ৰসংঘৰ হিউমেন ৰাইটছ এছিয়া শাখাৰ সঞ্চালক মাৰ্ক ফৰমান। লণ্ডনত তেওঁ কৈছে যে ম্যানমাৰ চৰকাৰে মানৱাধিকাৰ ভংগ কৰা এনে সামৰিক বাহিনীৰ অভিযান শীঘ্ৰে বন্ধ কৰা উচিত আৰু পূৰ্ব নেচনৱাইড যুদ্ধ বিৰতি চুক্তি পালন কৰিবলৈ আহবান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/c987eeef-a3fb-4fa3-9d7c-1c5335c18622.jpg)
উল্লেখযোগ্য যে ৰাখাইন আৰু চীন প্ৰদেশত বিগত ষোল্ল মাহ ধৰি চলি থকা ধাৰাবাহিক সংঘৰ্ষত এতিয়ালৈকে প্ৰায় ২৮০ জন অসামৰিকলোকৰ মৃত্যু ঘটিছে । ইফালে সমগ্ৰ পৃথিৱীতে কোৰোনা মহামাৰীয়ে চূড়ান্ত মানৱীয় সংকট সৃষ্টি কৰাৰ মূহুৰ্তত কোৰোনা মহামাৰী আক্ৰান্ত ৰাখাইন আৰু চীন প্ৰদেশত প্ৰত্যেক দিনাই নৃসংশভাৱে শিশু-নাৰী হত্যা কৰা ঘটনা খুবেই দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে শিশু সুৰক্ষা আৰু সশস্ত্ৰ সংঘৰ্ষ বিষয়ক ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি ভাৰ্জিনিয়া গাম্বাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/88cbe516-b049-445c-ad3b-cf5a6238c943.jpg)
তেওঁ ম্যানমাৰ চৰকাৰক ততালিকে যুদ্ধ বন্ধ কৰিবলৈ আহবান জনাইছে । উল্লেখযোগ্য কালি ৰাখাইন প্ৰদেশৰ পেলৱাট চহৰৰ ,সমীপত বাৰ্মিজ সেনাই বিমানৰে চলোৱা বোমাবৰ্ষণত দুটি শিশুসহ মুঠ আঠজন নিৰীহ গঞা নিহত হয় । প্ৰাপ্ত খবৰ অনুসৰি পেলটৱাট বোমা বিস্ফোৰণত এগৰাকী ২৫ বছৰীয়া বেংক কৰ্মচাৰীৰ আৰু তেওঁৰ ৪ বছৰীয়া আৰু ৮ বছৰীয়া সন্তান নিহত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/25ccb995-1047-490e-9ebe-a0f57605b4ba-1.jpg)
আনহাতে মিনবায়াত ক্যাও ম্যানট টুন এগৰাকী ৪৮ বছৰীয়া মহিলা তেওঁৰ ৮ বছৰীয়া সন্তানসহ নিহত হয় । তদুপৰি ২০ এপ্ৰিল ম্যানমাৰ সেনাৰ আক্ৰমণত ২১ জন লোক নিহত হৈছিল। চলিত সপ্তাহত এনেদৰে ব্যাপক হাৰত শিশু আৰু মহিলা নিহত ঘটনা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ পিছত বিষয়টো অতি গুৰুত্বসহকাৰে লৈ ৰাষ্ট্ৰসংঘৰ মানৱাধিকা আয়োগ আৰু শিশু সুৰক্ষা বিভাগে কালি ম্যানমাৰ চৰকাৰ আৰু বিদ্ৰোহী সংগঠনসমূহক পূৰ্বৰ নেচন ৱাইড যুদ্ধ বিৰতি চুক্তি পালন কৰি শিশু আৰু নাৰী হত্যা বন্ধ কৰিবলৈ আহবান জনাইছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/91769bd5-17a1-4d24-b5c0-8aa69afeb8fe.jpg)
ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি ভাৰ্জিনিয়া গাম্বাই কয়- ২০১৯ চনৰ পৰাই ৰাখাইন আৰু চীন প্ৰদেশত হৈ থকা ধাৰাবাহিক সংঘৰ্ষত শিশু হত্যাৰ সংখ্যা উদেগজনকভাৱে বৃদ্ধি হৈছে । ৰাষ্ট্ৰসংঘই শিক্ষা সুৰক্ষা বিভাগে ইতিমধ্যে এই তথ্য আহৰণ কৰিছে ।
ৰাষ্ট্ৰসংঘই ম্যানমাৰ চৰকাৰক শীঘ্ৰে আন্তঃৰাষ্ট্ৰীয় আইন দায়িত্ব পালন কৰিবলৈ সকীয়াই দিছে । উল্লেখযোগ্য বিগত ষোল্ল মহীয়া বাৰ্মিজ সেনা আৰু আৰকান আৰ্মি যুদ্ধত এতিয়ালৈকে ২৮০ জন নিৰীহ মৃত্যু হৈছে । ইফালে যুদ্ধ বিধবস্ত ৰাখাইন প্ৰদেশত বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসা কৰ্মীক হত্যা কৰা ঘটনাক নিন্দা কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই।