বৰঘাট আৰক্ষীৰ জালত অবৈধ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক

বৰঘাট আৰক্ষীৰ জালত অবৈধ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক

author-image
asomiyapratidin
New Update
বৰঘাট আৰক্ষীৰ জালত অবৈধ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক

ডিজিটেল সংবাদ, ম্যানমাৰঃ ম্যানমাৰৰ পৰা চোৰাং ভাৱে সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাক বৰঘাট আৰক্ষীয়ে জব্দ কৰিছে। ম্যানমাৰৰ পৰা ডিমাপুৰ হৈ নগাঁৱলৈ কেবা লাখ টকাৰ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকখন বৰ্তমান আৰক্ষীৰ জিম্মাত। ট্ৰাকখনত আছে নিতৌ ব্যৱহাৰ্য বহু সামগ্ৰী।

ম্যানমাৰৰ সামগ্ৰী কেনেকৈ নগাঁৱলৈ আহিল ই এক ৰহস্যৰ বিষয়। আৰক্ষী আৰু কৰ বিভাগৰ আৰ্শীবাদতে অসাধু ব্যৱসায়ীয়ে চোৰাং সামগ্ৰীৰ মুকলি বেহা চলাবলৈ সম্ভব হোৱা বুলিও অভিযোগ উত্থাপন হৈছে।

জব্দ কৰা ট্ৰাক খনৰ নথিপত্ৰ আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, নগাঁৱৰ বৰঘাট আৰক্ষীয়ে পুৱা এ এছ ০৯ এ চি ০৪৩৪ নম্বৰৰ ট্ৰাকখন জব্দ কৰিছিল যদিও বিষয়টো গোপনে ৰখাৰো অভিযোগ উত্থাপন কৰিছে একাংশই।