/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/908de8bc-33b1-4e7b-a280-11f8a9a1e48a.jpg)
ডিজিটেল সংবাদ , ৱাখাঃ মণিপুৰৰ আৰক্ষীয়ে যোৱা শনিবাৰে থৌবাল জিলাৰ মৈজাং আৱাংগ লেইকাই অঞ্চলত অভিযান চলাই এটা ড্ৰাগছ প্ৰস্তুতকাৰী কাৰখানা উৎখাত কৰি ১৮৩ কিলোগ্ৰাম হেৰইন আৰু ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয় ।
জানিব পৰামতে আন্তৰ্জাতিক বজাৰত মূল্য এই ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১৬৬ কোটি টকা । আৰক্ষীয়ে কাৰখানাৰ মালিকক গ্ৰেপ্তাৰ কৰাৰ লগতে হেৰইন প্ৰস্তুত কৰা ৰাসায়নিক দ্ৰব্য আৰু সঁজুলি জব্দ কৰিছে ।
উল্লেখযোগ্য যোৱা জুন মাহত ১১১ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰা কৰাৰ পিছত এয়া মণিপুৰৰ আৰক্ষী বৃহৎ সাফল্য বুলি গণ্য কৰা হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us