/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/43008-jwjskofrhp-1489540930.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ মণিপুৰৰ হেঙজঙ কুকি গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁৰ ভতিজাকক অচিনাক্ত বন্ধুকধাৰীয়ে গুলীয়াই হত্যা কৰাৰ ঘটনাক মুখ্যমন্ত্ৰী এন বীৰেন সিঙ তীব্ৰ নিন্দা কৰিছে। উল্লেখযোগ্য যে যোৱা ১০ জুলাইত দিনৰ ১২: ৩০ বজাত সন্দেহজনক বিদ্ৰোহীয়ে হেঙজঙ কুকি গাঁৱৰ গাঁওবুঢ়া থঙনে'অ কিপজেন( ৫৮) আৰু তেওঁৰ ভতিজাক থঙমিনলুন হাওকিপ (২৬) কাঙপকপিলৈ বুলি নিজা গাড়ীৰে গৈ থকা অৱস্থাত গুলীয়াই হত্যা কৰে ।
উল্লেখযোগ্য যে এই এই ঘটনাৰ পাছত কুকি অধ্যুষিত অঞ্চলটি উত্তেজনা বিয়পি পৰে ।আনহাতে এই ঘটনা সংঘটিত হোৱা পিছতে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পৰিস্থিতি বুজ লৈ এই বুলি কৈছে যে নিদোষী জীৱনক লক্ষ্য কৰি এনেদৰে হত্যা কৰা কাৰ্যক নিন্দা কৰিছে ।
বীৰেন সিঙে কয় যে সভ্য সমাজত এনে জঘন্য ঘটনাৰ কোনো স্থান নাই । দোষীক শীঘ্ৰে কৰায়ত্ত কৰা হ'ব । ইফালে আন এক ঘটনাত এন এছ চি এন বিদ্ৰোহী পলাই যোৱাত মণিপুৰৰ চৰকাৰে পাঁচজন আৰক্ষীক কৰ্তব্য গাফিলতি বাবে নিলম্বন কৰিছে ।