/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/lak.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ যিসময়ত সমগ্ৰ দেশ ক'ভিড -১৯ মহামাৰী বিৰুদ্ধে যুঁজ দিছে সেই জটিল সন্ধিক্ষণত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙ বিৰুদ্ধে ক'ভিড ১৯ বাবে লকডাউন খাদ্য সংকটত পৰা লোকক ৰেচন নিদিয়া বুলি অদায়িত্বশীল আৰু আপত্তিজনক মন্তব্য কৰি নিজৰ সকলো পদবী হেৰুৱালে উপ মুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিঙে ।
শুকুৰবাৰে এক নিৰ্দেশনা জৰিয়তে এই কথা প্ৰকাশ কৰিছে মণিপুৰৰ মুখ্য সচিব জে সুৰেশ বাবুৱে । জানিব পৰা মতে নেচনেল পিপলছ পাৰ্টীৰ বিধায়ক তথা উপ মুখ্যমন্ত্ৰী ৱাই জে কুমাৰে ক'ভিড মহামাৰী আৰু লকডাউনৰ ফলত তীব্ৰ খাদ্য সংকট পৰা মহিলাসকলক ৰেচন নিদিয়া বুলি মুখ্যমন্ত্ৰী এন বীৰেনৰ সিঙৰ বিৰুদ্ধে অদায়িত্বশীল মন্তব্য কৰিছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/d4fd0c64-6ce8-4f66-9c2c-e8364af73de4.jpg)
নিজৰ চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে খোদ উপ মুখ্যমন্ত্ৰীয়ে এনেদৰে সমালোচনা কৰা সৰ্বত্ৰ চৰ্চাৰ লাভ কৰা পৰিপ্ৰেক্ষিতত বুধবাৰে বিজেপি নেতাসকলে তেওঁলোকৰ চৰকাৰৰ সহযোগী দল নেচনেল পিপলছ পাৰ্টীৰ চাৰিগৰাকী মন্ত্ৰীক মন্ত্ৰীত্ব পদ এৰিবলৈ কোৱাৰ লগতে বীৰেন সিঙে ৱাই জয়কুমাৰৰ সিঙৰ বিত্ত , নগৰ উন্নয়ন, বন আৰু পৰিবেশ তথা তথ্য প্ৰযুক্তি বিভাগ কাঢ়ি লয় ।
ফলত বৰ্তমান উপ মুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিঙ পদবীহীন হৈ পৰে । উল্লেখযোগ্য যে ৬০ জনীয়া মণিপুৰ বিধানসভাত ২০১৭ চনৰ নিৰ্বাচনত বিজেপিয়ে ২১ খন আসন লাভ কৰিছিল আৰু এন পি পি চাৰি গৰাকী বিধায়ক আৰু নিৰ্দলীয় বিধায়কৰ সৈতে চৰকাৰৰ গঠন কৰিছিল । যদি এন পি পি দলে চৰকাৰে ত্যাগ কৰে এন বীৰেন সিঙৰ চৰকাৰৰ বাবে নিশ্চিত সংকটত পৰিব কিয়নো কংগ্ৰেছৰ এতিয়াও ২৮ জন বিধায়ক আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/27d342a7-287b-43e5-916b-5710769ee428.jpg)