/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/modi-gfhjk.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰৰ নিশা গেংটকত কটালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পুৱা ৯.৩০ বজাত পাকয়ঙলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীজন। পাকয়ঙত নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ছিক্কিমৰ প্রথমটো বিমানবন্দৰ। বিমান বন্দৰটো উদ্বোধন কৰাৰ পূৰ্বে এতিয়া সমগ্র ৰাজ্যখনতে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা দেখিবলৈ পোৱা গৈছে।
নিশা গেংটকৰ ৰাজভৱণত দেওবাৰৰ নিশাটো কটালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোডীক বিমানবন্দৰ উদ্বোধনৰ সময়ত লগ দিব চিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদ, মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং, ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙ, অসামৰিক বিমান পৰিবহন মন্ত্ৰী সুৰেশ প্ৰভুৰ লগতে বহু কেইজন মন্ত্ৰী আমোলাই। উল্লেখ্য যে, সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া বিমানবন্দৰটোৰ সৈতে দেশৰ বিমানবন্দৰৰ সংখ্যা ১০০টালৈ বৃদ্ধি।