৫ বছৰত মই ৩০ বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছো, কংগ্ৰেছে কেইবাৰ কৰিছেঃ অৰুণাচলত নৰেন্দ্ৰ মোডী

৫ বছৰত মই ৩০ বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছো, কংগ্ৰেছে কেইবাৰ কৰিছেঃ অৰুণাচলত নৰেন্দ্ৰ মোডী

author-image
asomiyapratidin
New Update
৫ বছৰত মই ৩০ বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছো, কংগ্ৰেছে কেইবাৰ কৰিছেঃ অৰুণাচলত নৰেন্দ্ৰ মোডী

ডিজিটেল ডেস্কঃ বুধবাৰে অৰুণাচলৰ পাচিঘাটত এক নিৰ্বাচনী জনসভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পুনৰ এবাৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত কটাক্ষ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক জনতাৰ অহিত চিন্তক বুলি আখ্যা দিয়ে। নিৰ্বাচনী জনসভাখনত নৰেন্দ্ৰ মোডীৰ ভাষণৰ অধিক সময়েই কংগ্ৰেছক সমালোচনা কৰি পাৰ কৰা পৰলিক্ষত হয়।

তেওঁ কয়, 'এটা পৰিয়ালে দেশত ৫৫ বছৰ ৰাজত্ব কৰিলে আৰু আমাৰ ৫ বছৰ সম্পূৰ্ণ হ'বলৈ এতিয়াও বাকী আছে। তেওঁলোকৰ ৫৫ বছৰীয়া শাসনৰ পিছতো তেওঁলোকে দাবী কৰিব নোৱাৰে যে দেশৰ উন্নয়নৰ হকে তেওঁলোকে কাম কৰিছে। মই হাৰ মনা বিধৰ মানুহ নহও। মই সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰো। কঠিন কাম এটাও কৰিবলৈ মই সদা প্ৰস্তুত। মই যি কাম কৰিম বুলি এবাৰ ভাবো, সেয়া সম্পূৰ্ণ কৰিবলৈ দেহে কেহে নামি পৰো।'

কংগ্ৰেছৰ ঘোষণা পত্ৰৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত কটাক্ষ কৰি মোডীয়ে কয়, 'কংগ্ৰেছে যিবোৰ প্ৰতিশ্ৰুতি আজিলৈ দি আহিছে, সেই সকলোবোৰ কেতিয়াও পূৰণ কৰিব পৰা নাই। জনতাক প্ৰলোভন দি প্ৰতিশ্ৰুতি ঠিকেই দিয়ে, কিন্তু শাসনলৈ অহাৰ পিছত সকলো পাহৰি যায়। মই তেওঁলোকৰ দৰে নহয়। ৰ'দ হ'লেও, বৰষুণ হ'লেও এজন চকীদাৰে যেনেদৰে পহৰা দিয়াৰ দায়িত্ব পালন কৰে, ময়ো মোৰ দায়িত্ব চকীদাৰৰ দৰে পালন কৰি আহিছো। কংগ্ৰেছৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ পৰা সতৰ্ক হৈ থাকক। সেইবাৰেই এই চকীদাৰেই আপোনালোকক সদায় এই আহ্বান জনায়। তেওঁলোকৰ ভুৱা প্ৰতিশ্ৰুতিত ভোল নাযাব।'

আনহাতে জনসভাত কংগ্ৰেছক সমালোচনা কৰি কংগ্ৰেছে দেশত সন্ত্ৰাসবাদ বিয়োপোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ দুৰ্নীতি, কেলেংকাৰীয়ে দেশবাসীৰ সন্মুখত সেই দলটোৰ প্ৰকৃত চৰিত্ৰ কাহানিবাই উদঙাই দিয়া বুলি মন্তব্য কৰি পুনৰ এবাৰ কেন্দ্ৰত বিজেপি চৰকাৰ হ'ব বুলি দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

'কংগ্ৰেছে উত্তৰ পূবক কেতিয়াও গুৰুত্ব নিদিলে। কিন্তু আমি দেশৰ প্ৰতিটো চুক কোণকে সমান দৃষ্টিৰেই চাও। আমাৰ প্ৰতিনিধি প্ৰত্যেক পষেকত এবাৰকৈ উত্তৰ-পূব ভ্ৰমণৰ মই নিৰ্দেশ দিছো। যোৱা ৫ বছৰত মই নিজেই ৩০ বাৰতকৈও অধিকবাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছো, পৰিস্থিতিৰ বুজ লৈছো। অৰুণাচলত কংগ্ৰেছ শাসনে ৰাজ্যখনৰ সকলো উন্নয়নেই স্তব্ধ কৰি ৰাখিছিল। আমি উন্নয়নৰ হকে কাম কৰি আহিছো। আমাৰ লক্ষ্য উত্তৰ-পূবৰ বিকাশ, অৰুণাচলৰ বিকাশ।' -জনসভাত অৰুণাচলবাসীক সম্বোধি এইদৰে কয় মোডীয়ে।

উল্লেখ্য যে, বুধবাৰে প্ৰধানমন্ত্ৰীৰ অৰুণাচল ভ্ৰমণৰ পূৰ্বে মঙলবাৰে নিশা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ কনভয়ৰ বাহনৰ পৰা ১.৮০ কোটি টকা জব্দ কৰা হৈছিল। এই জব্দকৃত টকাখিনি প্ৰধানমন্ত্ৰীৰ ৰেলীত ব্যৱহাৰৰ বাবে অনা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। তদুপৰি বুধবাৰে কংগ্ৰেছে এক সংবাদ মেল সম্বোধন কৰি 'চকীদাৰে চোৰ কৰোতে হাতেলোটে ধৰা পৰিল' বুলিও মোডীক কটাক্ষ কৰে।