ইম্ফলৰ জনসভাত উত্তৰ-পূৱক মোডীয়ে দিলে বহু প্ৰতিশ্ৰুতি

ইম্ফলৰ জনসভাত উত্তৰ-পূৱক মোডীয়ে দিলে বহু প্ৰতিশ্ৰুতি

author-image
asomiyapratidin
New Update
ইম্ফলত উপস্থিত হৈ উত্তৰ-পূবৰ বিষয়ে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে?

  • ইম্ফলৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনসভাত উপস্থিত থকা সকলো লোকক সম্বোধি মোডীৰ ভাষণ আৰম্ভ৷
  • ভাষণৰ প্ৰসংগত মোডীয়ে কয়- 'যিখন উত্তৰ-পূৱক নেতাজীয়ে স্বাধীনতাৰ গেটৱে' বুলিছিল, আমি তাক নতুন ভাৰতৰ বিকাশৰ দুৱাৰ হিচাপে গঢ়াৰ প্ৰয়াস কৰিছো৷'
  • 'পূৰ্বৰ চৰকাৰে উত্তৰ-পূৱৰ লৈ কি কৰিছিল, সেয়া সকলোৱে দেখিছে৷ তেওঁলোকে আপোনালোকৰ আৰু দিল্লীৰ দূৰত্ব অধিক কৰি তুলিছিল৷'
  • 'বাজপেয়ীৰ দিনৰ পৰা উত্তৰ-পূৱৰ বিকাশ আৰম্ভ হৈছে৷ আমি দিল্লীক আপোনালোকৰ পদূলিলৈ লৈ আহিছো৷'
  • 'মই বিগত চাৰে চাৰি বছৰত কমেও ত্ৰিশবাৰ উত্তৰ পূৱলৈ আহিছো৷ আপোনালোকক লগ পাই মই অন্য এক অনুভৱ লাভ কৰো৷'
  • 'আজি সমগ্ৰ উত্তৰ-পূৱত পৰিৱৰ্তনৰ যাত্ৰা অব্যাহত আছে৷৩০-৪০ বছৰ ধৰি বন্ধ হৈ থকা প্ৰকল্প সমূহ সম্পূৰ্ণ হৈ উঠিছে৷'
  • 'আপোনালোকৰ জীৱন সহজ কৰি তোলাৰ প্ৰয়াস আমি কৰিছো৷ দেশৰ বিজুলিৰ পোহৰ পোৱা শেষৰখন গাঁও মণিপুৰৰ লেইছাং৷'
  • 'আজি মণিপুৰে লাভ কৰিছে ১২৫ কোটি ব্যয় সাপেক্ষে চেকপোষ্ট৷ ভাৰত ম্যানমাৰ সীমান্তৱৰ্তী এই চেকপোষ্টে যাত্ৰীৰ লগতে ব্যৱসায়ীকো লাভাম্বিত কৰিব৷'
  • 'নিৰ্মাণ কাৰ্য বন্ধ হৈ থকা দলাই থাবি বজাৰ প্ৰকল্পৰ কামো আমাৰ চৰকাৰৰ দিনতে সম্পূৰ্ণ হ'ল৷ আমি আমাৰ প্ৰতিশ্ৰুতি বোৰ বাস্তৱলৈ ৰূপায়িত কৰাত অহৰহ চেষ্টা কৰো৷'
  • 'মণিপুৰৰ খাদ্য সুৰক্ষাৰ বাবে এফ চি আই গুডাম মুকলি হ'ল৷ উখৰুলত সহস্ৰাধিক পৰিয়ালৰ পানীৰ অভাৱ দূৰ কৰা হৈছে৷'
  • 'চূড়াচান্দপুৰত মুকলি হ'ল জ'ন-৩ প্ৰকল্প৷ ইয়াৰ দ্বাৰা ২০৩১লৈ জনতাৰ পানীৰ অভাৱ দূৰ হ'ব৷'
  • 'মণিপুৰবাসীয়ে বন্ধ অৱৰোধ পৰিহাৰ কৰি আশা আকাংক্ষা পূৰণত মনোনিৱ্শে কৰিছে৷ আজি শিক্ষা, কৌশল, ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন হৈছে৷'
  • জনসভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে মণিপুৰত আৰু ৩খন এমা মাৰ্কেট স্থাপন কৰাৰ লগতে ৫ লাখ ধন-জন যোজনাৰ একাউন্টো খোলা হ'ব৷