বিধায়ক টিৰং অ’বহৰ হত্যাকাণ্ড, ডিমাপুৰত এন এছ চি এন মুইভা গোটৰ নেতাৰ বাসগৃহত নিয়াৰ অভিযান….

বিধায়ক টিৰং অ’বহৰ হত্যাকাণ্ড, ডিমাপুৰত এন এছ চি এন মুইভা গোটৰ নেতাৰ বাসগৃহত নিয়াৰ অভিযান….

author-image
asomiyapratidin
New Update
বিধায়ক টিৰং অ’বহৰ হত্যাকাণ্ড, ডিমাপুৰত এন এছ চি এন মুইভা গোটৰ নেতাৰ  বাসগৃহত নিয়াৰ অভিযান….

ডিজিটেল সংবাদ, ৱাখাঃ অৰুণাচল প্ৰদেশৰ পশ্চিম খুনছা সমষ্টিৰ প্ৰাক্তন বিধায়ক টিৰং অবহৰ হত্যাকাণ্ডৰ জড়িত থকাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই যোৱা বুধবাৰে ডিমাপুৰৰ থকা এন এছ চি এন আই এমৰ দুই পলাতক শীৰ্ষনেতাৰ বাসগৃহত অভিযান চলায় ।

এই অভিযান কালত নিয়াৰ দলটোৱে এন এছ চি এন মুইভা গোটৰ চাৰ্জেন্ট মেজৰ অছলম ওৰফে ৰংকৱাঙ টাংখুল আৰু জেমছ কিৱাঙৰ ডিমাপুৰ বাসগৃহত পৰা দুখন কুৰ্ৱাড্ৰপক'টা ড্ৰোণ , ৩২ জাই গুলী , .২২ টা মবাইল ৩টা এ'পল লেপটপ , এটা পেনড্ৰাইভ আৰু দুখন মেমৰি কাৰ্ড জব্দ কৰে ।

নিয়াই প্ৰকাশ কৰামতে ২০১৯ চনৰ ১০ জুনত আৰ চি -০৩/২০১৯ দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই আই পি চি ২৫(১বি) এ ২৭ ৰ অধীনত ৩০২, ৩০৭/৩৪ আৰু অস্ত্ৰ প্ৰতিৰোধী আইনৰ ১০/৮১ ধাৰাত গোচৰ ৰুজু কৰি ইতিমধ্যে লুকিন মাছাংভা , জয় কিষান শৰ্মা , য়াঙটি জুছহাম আৰু নাঙপাঙ জেনপিকলক ধৰি পাঁচজনক চলিত জানুৱাৰী মাহত গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে ।

উল্লেখযোগ্য যে এই হত্যাকাণ্ডৰ সৈতে এন এছ চি এন আই এমৰ শীৰ্ষ নেতা অবছলম ওৰফে ৰংকৱাঙ টাংখুল আৰু জেমছ কিৱাঙ জৰিত থকাৰ তথ্য লাভ কৰাৰ পিছত কালি তেওঁলোকৰ ডিমাপুৰৰ বাসগৃহত এনেদৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই অভিযান চলায় । অৱশ্যে এই দুয়োগৰাকী বিদ্ৰোহীনেতা পলাতক হৈ আছে ।