/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/d7d0c80a-2bc2-4439-9790-7bf755fbde3d.jpg)
ডিজিটেল ডেস্কঃ দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জাৰি কৰা হৈছে আনল'ক-১। ১ জুনৰ পৰা জাৰি কৰা আনল'ক-১ৰ লগতে বহু নীতি-নিয়মৰ ক্ষেত্ৰতো শিথিলতা প্ৰদান কৰিছে চৰকাৰে। উল্লেখ্য যে, ৮ জুনৰ পৰা দেশত সকলো উপাসনাথলীসমূহ।
লগতে ৰেষ্টুৰেন্ট, হোটেল, শ্বপিং মল আদিও খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। সামাজিক দূৰত্ব বৰ্তাই ৰাখি প্ৰায়ভাগ ব্যৱসায়িক প্ৰতিষ্ঠান, ধৰ্মীয় অনুষ্ঠান আদিৰ বাবে মঞ্জুৰি প্ৰদান কৰিছে চৰকাৰে। তাৰমাজতে মিজোৰাম চৰকাৰে ৰাজ্যখনত কোৰোনা ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ লকডাউনৰ সময় আৰু দুসপ্তাহ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত ৰাজ্যখনত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি নজৰ ৰাখি লকডাউনৰ সময় ৯ জুনৰ পৰা দুসপ্তাহ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই সন্দৰ্ভত শীঘ্ৰেই নিৰ্দেশাৱলী জাৰি কৰা হ'ব।