মিজোৰামত আহি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

মিজোৰামত আহি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

author-image
asomiyapratidin
New Update
মিজোৰামত আহি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

ডিজিটেল ডেস্কঃ দেশৰ ৫ ৰাজ্যত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজনৈতিক দলসমূহ। শুকুৰবাৰে মিজোৰামত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোডীয়ে এক ৰেলীৰ শুভাৰম্ভ কৰাৰ পাছতেই নিৰ্বাচনী সভাত অংশ লৈ বিৰোধী দল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে- 'কংগ্ৰেছৰ প্ৰাথমিকতা নাই। কংগ্ৰেছে ভেদ-ভাৱ সৃষ্টি কৰা আৰু শাসন কৰা নীতিহে বুজি পায়। আৰু সেয়েহে তেওঁলোক কেইখনমান ৰাজ্যৰহে শাসনত আছে। বিজেপিয়ে কেৱল দেশৰ বিকাশৰ কাৰণেই কাম কৰি আছে। আমাৰ লক্ষ্য হ'ল, সকলোৰে লগত সকলোৰে বিকাশ। আমি মিজো সমাজৰ সংবিধানিক অধিকাৰো ৰক্ষা কৰিম।'