সৰ্বাধিক সন্তানৰ পিতৃ-মাতৃক দিয়া হ’ব ১ লাখ টকা, কিন্তু ক’ত?

সৰ্বাধিক সন্তানৰ পিতৃ-মাতৃক দিয়া হ’ব ১ লাখ টকা, কিন্তু ক’ত?

author-image
asomiyapratidin
New Update
সৰ্বাধিক সন্তানৰ পিতৃ-মাতৃক দিয়া হ’ব ১ লাখ টকা, কিন্তু ক’ত?

ডিজিটেল ডেস্কঃ এফালে দেশত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰ্চা তথা আলোচনা চলি আছে আৰু আনফালে মিজোৰামৰ এগৰাকী মন্ত্ৰীয়ে তেওঁৰ নিৰ্বাচনী ক্ষেত্ৰত সৰ্বাধিক সন্তান থকা পিতৃ-মাতৃক এক লাখ টকা নগদ ধন প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। তেওঁৰ এই পদক্ষেপৰ মুল উদ্দেশ্য হৈছে কম জনসংখ্যাৰ মিজো সম্প্ৰদায়ৰ লোকৰ জনসংখ্যা বৃদ্ধিৰ বাবে উৎসাহিত কৰা।

Advertisment

অৱশ্যে ক্ৰীড়া মন্ত্ৰী ৰবাৰ্ট ৰোমাৱিয়া ৰোয়টেয়ে ন্যূনতম কিমান জন সন্তান থাকিব লাগে সেই সন্দৰ্ভত একো কোৱা নাই। দেওবাৰে পিতৃ দিৱসৰ দিনটোত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে আইজল পূব-২ বিধানসভা সমষ্টিত সৰ্বাধিক সন্তান থকা পুৰুষ বা মহিলাক এক লাখ টকা প্ৰদান কৰাৰ ঘোষণা কৰে।

উল্লেখযোগ্য যে, ২০১১ চনৰ লোকপিয়ল অনুসৰি মিজোৰামৰ জনসংখ্যা আছিল ১,০৯১,০১৪ জন আৰু ৰাজ্যখনৰ এলেকা প্ৰায় ২১,০৮৭ বৰ্গ কিলোমিটাৰ। অৰুণাচল প্ৰদেশৰ পিছত মিজোৰাম হৈছে দেশৰ দ্বিতীয় সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্য। মিজোৰামত প্ৰতি বৰ্গ কিলোমিটাৰত ৫২ জন লোক থকাৰ বিপৰীতে অৰুণাচল প্ৰদেশত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১৭ জন। ৰাষ্ট্ৰীয় গড় প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮২।