/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/4f0a2b40-6d22-44eb-9233-0af573f03fa3.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ পূবত দ্বিতীয়জন কোৰোনা ভাইৰাছত আক্ৰান্ত লোকক চিনাক্ত কৰা হৈছে। কভিড-১৯ আক্ৰান্ত এই লোকজন বৰ্তমান জোৰাম মেডিকেল কলেজৰ আইছ'লেচনত আছে। লোকজন কিছুদিনৰ পূৰ্বে হলেণ্ড ভ্ৰমণলৈ গৈছিল সপৰিয়ালে। ইউৰোপ ভ্ৰমণৰ পৰা ঘূৰি অহাৰ পিছত অসুস্থ হৈ পৰা ব্যক্তিজনৰ নমুনা গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিল।
এই সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে মিজোৰামৰ এগৰাকী স্বাস্থ্য বিষয়াৰ সৈতে যোগাযোগ কৰিছিল। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কৰা পৰীক্ষাত তেওঁৰ দেহত কভিড-১৯ৰ উপস্থিতি ধৰা পৰা বুলি জানিবলৈ দিছে।
উল্লেখ্য যে, এই ব্যক্তিগৰাকী ১৬ মাৰ্চত ইউৰোপৰ পৰা ঘৰলৈ উভতি আহিছিল। ২২ মাৰ্চত তেওঁৰ দেহত কোৰোনা ভাইৰাছ সংক্ৰমণৰ লক্ষণ দেখা পোৱাৰ পিছত তেওঁক হাস্পতালত ভৰ্তি কৰা হৈছিল। স্বাস্থ্য বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে, এই ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোককো আইছ'লেচনত ৰখা হৈছে।
যিখন বিমানেৰে তেওঁ উভতিছিল সেই বিমানত তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সংস্পৰ্শলৈ অহা লোকসকলৰো স্বাস্থ্য পৰীক্ষা কৰা হ'ব বুলি জানিবলৈ দিছে। মিজোৰামৰ স্বাস্থ্য মন্ত্ৰীয়ে কোৰোনা ভাইৰাছত আক্ৰান্ত প্ৰথমজন ৰোগী চিনাক্ত কৰা বুলি সদৰি কৰিছে।