দেশৰ সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ চহৰখন আইজলঃ গৌৰৱান্বিত মিজোৰাম…

দেশৰ সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ চহৰখন আইজলঃ গৌৰৱান্বিত মিজোৰাম…

author-image
asomiyapratidin
New Update
দেশৰ সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ চহৰখন আইজলঃ গৌৰৱান্বিত মিজোৰাম…

ডিজিটে ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ এখন অতি মনোমোহা ৰাজ্য মিজোৰাম। প্ৰকৃতিৰ অনবদ্য ৰূপ-সৌন্দৰ্যৰে ভৰপূৰ এই সৰু ৰাজ্যখন। উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ তুলনাত অতি শান্ত প্ৰকৃতিৰ এই ৰাজ্যখনে শেহতীয়াকৈ গঢ়িছে এক অভিলেখ। ৰাজ্যখনে কঢ়িয়াই আনিছে উত্তৰ পূবৰ বাবেই এক সুখবৰ। দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বায়ুৰ মানদণ্ডৰ চহৰৰ তালিকাত শীৰ্ষস্থান অধিকাৰ কৰিছে মিজোৰামৰ আইজ চহৰখনে।

Advertisment

১৩২ খন ভাৰতীয় চহৰৰ মাজত চলোৱা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে চলাইছিল এই সমীক্ষা। আইজলৰ চহৰখনৰ ২৪ ঘণ্টাত বায়ু মানদণ্ড সূতক ১৩ হিচাপে নথিভুক্ত কৰা হৈছে। মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইট যোগে এই কথা সদৰী কৰিছে।

তেওঁ টুইটাৰত লিখিছে বায়ু গুণগত মানদণ্ডৰ ১৩ সংখ্যাৰে অসমান্য সূচকৰ সৈতে আইজল হৈছে বিগত ২৪ ঘণ্টাত সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ সৈতে ৰেকৰ্ড গঢ়া শীৰ্ষ ভাৰতীয় চহৰ। মুখ্যমন্ত্ৰী জোৰামথাংগাৰ এই টুইটৰ পিছতে ৰাজ্যখনৰ বাসিন্দা সকল উৎফুল্লিত হৈ পৰিছে।