New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/DtDseYGWwAAB0nV.jpg)
- আজি মিজোৰামত বিধানসভা নিৰ্বাচন।
- ৰাজ্যখনৰ মুঠ ৪০খন আসনৰ বাবে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
- পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিব বিয়লি ৪ বজাত।
- ৭.৭০ লাখৰো অধিক ভোটাৰে নিৰ্ণয় কৰিব ২০৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
- কংগ্ৰেছ, বিজেপি আৰু এম এন এফৰ মাজত হ'ব মূল যুঁজ।
- কংগ্ৰেছ আৰু এম এন এফে আটাইকেইটা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে বিজেপিয়ে ৩৯ খনত আৰু জেদ পি এমে ৩৭খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰাজ্যখনত।
- মুখ্যমন্ত্ৰী লাল থানহাৱলাই তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদ দখলৰ বাবে যুঁজ দিয়াৰ লগতে কংগ্ৰেছক ওফৰাবলৈ যুঁজত অৱতীৰ্ণ হ'ব বিজেপি।
- ১৯৮৭ চনত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰাৰ পিছৰে পৰা আজিলৈ ৰাজ্যখনত চৰকাৰ গঠন কৰি আহিছে কংগ্ৰেছ আৰু মিজো নেচনেল ফ্ৰণ্টে।
- কোনো এটা দলেই দুবাৰতকৈ অধিক চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যখনত।
- এইবাৰৰ নিৰ্বাচন বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব কাৰণ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত একমাত্ৰ মিজোৰামতে নাই বিজেপি চৰকাৰ।