/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/mery-com.jpg)
ডিজিটেল ডেস্কঃ ৫ বাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰা মেৰীকম এতিয়া বিশ্ব বক্সিং ক্ৰীড়া জগতৰ এক অপ্ৰতিৰোধ্য শক্তি হৈ পৰিছে। চলিত বৰ্ষতে মেৰীকমে জিনিলে তৃতীয়টো স্বৰ্ণ পদক। শনিবাৰে পোলেণ্ডত অনুষ্ঠিত ১৩সংখ্যক ছেলিচিয়াম কাপ ইণ্টাৰনেশ্যনেল বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগীতাত তৃতীয়টো স্বৰ্ণৰ পদক জয় কৰে মেৰীকমে।
আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাখনত ৪৮ কি:গ্ৰা: শাখাত মেৰীকমে অৰ্জন কৰে এই সাফল্য। উক্ত প্ৰতিযোগিতাখনতে ভাৰতৰ জুনিয়ৰ বক্সাৰ সকলে ৬টা সোণ, ৬ টা ৰূপ আৰি ১টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৩টা পদক অৰ্জন কৰে। প্ৰতিযোগিতাখনত অসমৰ লভলিনা বৰগোহাঁইয়েও ৬৯ কি:গ্ৰা: শাখাত অংশগ্ৰহণ কৰিছিল ।
কিন্তু ছেমিফাইনেলতে খেল সামৰিব লগা হয় লভলিনাই। পোলেণ্ডৰ খেলুৱৈ কোৰৌলিনা কৌচজেৱস্কা বিৰুদ্ধে লভলিনা ১-৪ ব্যৱধানেৰে পৰাস্ত হয় । ইফালে, পূৰ্ব বিশ্ব চেম্পিয়ন এল সৰিতা দেৱীৱে ৬০ কি:গ্ৰা: শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। উল্লেখ্য যে, মেৰীকমে চলিত বৰ্ষতে ইণ্ডিয়া অপেন আৰু গল্ডকষ্টৰ ৰাষ্টমণ্ডল খেলত দুটাকৈ স্বৰ্ণ পদক লাভ কৰিছিল ।