মেঘালয়ৰ কয়লাখনিত ৫দিনে আৱদ্ধ ১৩ শ্ৰমিক, আজিও অব্যাহত বিফল অভিযান

মেঘালয়ৰ কয়লাখনিত ৫দিনে আৱদ্ধ ১৩ শ্ৰমিক, আজিও অব্যাহত বিফল অভিযান

author-image
asomiyapratidin
New Update
মেঘালয়ৰ কয়লাখনিত ৫দিনে আৱদ্ধ ১৩ শ্ৰমিক, আজিও অব্যাহত বিফল অভিযান

ডিজিটেল ডেস্কঃ মেঘালয়ত বৰ্তমান এন ডি আৰ এফ বাহিনীয়ে চলাই আছে ১৩টি শ্ৰমিকৰ উদ্ধাৰ অভিযান। উল্লেখ্য যে, ৰাজ্যখনৰ কছানৰ পূৱ জয়ন্তীয়া পাহাৰৰ সমীপৱৰ্তী লাইটেইন নদীৰ কাষৰে অবৈধ কয়লা খনিৰ এটা গাঁতত পৰে কিশোৰ কেইটি। এই শ্ৰমিক কেইজনক উদ্ধাৰ কৰিবলৈয়ে ছাইপুং আৰক্ষী আৰু এন ডি আৰ এফ বাহিনীয়ে অভিযান চলাই আছে।

ইফালে, ঘটনা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী ক'নৰাদ চাংমাই কয়- 'দ' গাঁতটোৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিক কেইজনক উদ্ধাৰ কৰাটো অতি কঠিন হৈ পৰিছে। শ্ৰমিক কেইজন য'ত আৱদ্ধ হৈ আছে তাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰাটো ইমান সহজ নহ'ব। এন ডি আৰ এফ বাহিনীয়ে শ্ৰমিক কেইজনক উদ্ধাৰ কৰিবলৈ অভিযান চলাই আছে।'