/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/meghalaya-tourist_11zon.jpg)
ডিজিটেল ডেস্কঃ কোৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ১ ছেপ্টেম্বৰৰ পৰা মেঘালয়ে পৰ্যটকৰ বাবে মুকলি কৰিব পৰ্য়টন ক্ষেত্ৰসমূহ। আনহাতে একেটা দিনৰ পৰাই মেঘালয়ৰ শিক্ষানুষ্ঠানসমূহৰো পাঠ্যক্ৰম আৰম্ভ হ'ব।
ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰসমূহ ভ্ৰমণ কৰিবলৈ ইচ্ছুকসকলে কোভিড নিগেটিভৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট বিষয়াক দেখুৱাব লাগিব আৰু কোভিডৰ দুয়ো পালি ভেকচিন গ্ৰহণ কৰিব লাগিব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই জনোৱা অনুসৰি কোভিড নিগেটিভৰ লগতে ভেকচিন গ্ৰহণ কৰা লোকসকলকহে ৰাজ্যখনত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিব।
এই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে এক টুইটো কৰিছে।তেওঁ লিখিছে, মেঘালয়ে কোভিড প্ৰ'টককলৰ মাজেৰে ১ ছেপ্টেম্বৰ, ২০২১ ৰ পৰা পৰ্যটনখণ্ড পুনৰ আৰম্ভ কৰিব। সম্পূৰ্ণ টিকাকৰণ কৰা পৰ্যটকসকলক ১ ছেপ্টেম্বৰ, ২০২১ৰ পৰা পৰ্যটন সম্পৰ্কীয় উদ্দেশ্যৰ বাবে ৰাজ্যখন ভ্ৰমণ কৰিবলৈ অনুমতি প্ৰদান কৰা হ'ব।
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সভাপতিত্বত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত মহাবিদ্যালয়সমূহৰ অফলাইন পাঠ্যক্ৰম ১ ছেপ্টেম্বৰৰ পৰাই আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আহাতে চহৰাঞ্চলৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ স্কুলসমূহ মুকলি কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। গ্ৰাম্য অঞ্চলৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে।
#Meghalaya will restart its tourism from 1st September 2021 with the following protocols:
1. Fully vaccinated tourists will be allowed to visit Meghalaya for tourism related purposes from 1st September, 2021. @kishanreddybjp@tourismgoi@meghtourismpic.twitter.com/vGX2Fx5GTB
— Conrad Sangma (@SangmaConrad) August 26, 2021